🔹 সীমান্তত উত্তেজনা : বিস্ফোৰক অভিযোগ উত্থাপনেৰে কাটিগৰা থানা ঘেৰাও
নিয়মীয়া বাৰ্তা, ২ আগষ্ট : ভাৰত-বাংলাদেশ সীমান্তৰ সংলগ্ন কাছাৰ জিলাৰ কিন্নৰখাল আমতলা বজাৰ অঞ্চলত এজন যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ ব্যাপক উত্তেজনাৰ সৃষ্টি হয়। স্থানীয় ৰাইজৰ অভিযোগ- বি এছ এফৰ প্ৰহাৰত যুৱকজনৰ মৃত্যু হয়। শনিবাৰে এই অভিযোগ উত্থাপন কৰি এশৰো অধিক গাঁওবাসীয়ে কাটিগৰা থানা আৰু চক্ৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
অভিযোগ অনুসৰি, বি এছ এফৰ এটা টহলদাৰী দলে নিশা ভাৰত-বাংলাদেশ সীমান্ত পথত নিৰ্মল নমশূদ্ৰ নামৰ এজন যুৱকক প্ৰহাৰ কৰে। প্ৰহাৰৰ পিছতে বিএছএফৰ সদস্যই যুৱকজনক গুৰুতৰভাৱে আহত কৰি কাটিগৰা আদৰ্শ চিকিৎসালয়ত এৰি থৈ যায়। পুৱা পৰিয়ালৰ লোকে গুৰুতৰভাৱে আহত নিৰ্মলক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়, য’ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।
নিৰ্মলৰ মৃত্যুৰ পিছত সীমান্ত অঞ্চলৰ এশৰো অধিক বাসিন্দা আৰু তেওঁৰ পৰিয়ালৰ লোকে কাটিগৰা থানাত উপস্থিত হৈ প্ৰতিবাদ জনাই থানা ঘেৰাও কৰে। এই ঘটনাই কাটিগড়া থানা চৌহদ আৰু চক্ৰ কাৰ্যালয় এলেকাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। সম্পূৰ্ণ নিৰ্দোষ আৰু সহজ-সৰল মনৰ নিৰ্মলক বি এছ এফে ইচ্ছাকৃতভাৱে হত্যা কৰা বুলি স্থানীয় ৰাইজৰ অভিযোগ। মৃতকৰ পৰিয়াল আৰু স্থানীয় ৰাইজে দাবী কৰিছে যে সীমান্ত পথত খোজ কঢ়াৰ বাবেই বি এছ এফ জোৱানে নিৰ্মলক নৃশংসভাৱে প্ৰহাৰ কৰি হত্যা কৰিছে।
প্ৰেৰক গৌতম তালুকদাৰ