নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ নিচিনা পুলিচ ভাৰতবৰ্ষতে নাইঃ জুবিন

বিশেষ বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ বাক্সা জিলাৰ সুৱনশ্ৰীত কালি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে অসম আৰক্ষীক ভূয়সী প্ৰশংসা কৰে৷ অসম আৰক্ষীক এইদৰে ভূয়সী প্ৰশংসা কৰা দেখি আনন্দত আত্মহাৰা হোৱা পৰিলক্ষত হয়৷ সুৱনশ্ৰীত শ্ৰীশ্ৰীশিৱপূজা মহোৎসৱৰ সোণালী জয়ন্তী উপলক্ষে আমন্ত্ৰিত শিল্পী জুবিন গাৰ্গক উষ্ম আদৰণি জনায় উদযাপন সমিতিয়ে৷ কেইবাটাও জনপ্ৰিয় গীত পৰিৱেশনৰ মাজতে স্বভাৱসুলতাৰে নিজস্ব ভংগিমা দাঙি ধৰে৷ কেইবাটাও গীতৰ মাজতে দৰ্শকক উদ্দেশ্যি জুবিন গাৰ্গে অসমৰ নিচিনা পুলিচ ভাৰতবৰ্ষতে নাই বুলি মন্তব্য কৰে৷ সদ্যমুক্তিপ্ৰাপ্ত ড° বেজবৰুৱা নামৰ ছবিখন চাইছেনে বুলি প্ৰশ্ন কৰি অসমৰ পুলিচ বহুত ভাল বুলি একপ্ৰকাৰ প্ৰশংসা কৰে ৷ অসমৰ পুলিচে বহু কষ্ট কৰে বুলি কৈ ড° বেজবৰুৱা-২ চাবলৈ অসম পুলিচক আহ্বান জনায় ৷
প্ৰেৰক নীৰেন কুমাৰ শৰ্মা
You might also like