নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেজেৰাত বিজেপি কৃষক মৰ্চাৰ নমো কৃষক সন্মান দিৱসত চোতাল বৈঠক

বিশেষ বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ বিজেপি কৃষক মৰ্চাৰ গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত বেজেৰা মণ্ডলৰ সহযোগত নমো কৃষক সন্মান দিৱস উপলক্ষে আজি শৰাইঘাট গাঁৱৰ অন্তৰ্গত ২৫নং বুথত আয়োজন কৰা হয় এখন চোতাল বৈঠক। উক্ত বৈঠকত বেজেৰা মণ্ডল বিজেপিৰ সভাপতি দিলীপ ডেকা, ৰাজ্যিক কৃষক মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্য, ৰাষ্ট্ৰীয় কৃষক মৰ্চাৰ উপ-সভাপতি প্ৰাণ কুমাৰ দাস, জিলা কৃষক মৰ্চাৰ সভাপতি সঞ্জীৱ সমৰ ডেকা, কৃষক মৰ্চাৰ বেজেৰা মণ্ডলৰ সভাপতি মাধৱ বৰা, ৰাজ্যিক কৃষক মৰ্চাৰ সদস্য হৃষিকেশ কলিতাৰ লগতে গুৱাহাটী মহানগৰ জিলাৰ ভালেকেইগৰাকী কাৰ্যকৰ্তা, স্থানীয় কৃষক উপস্থিত থাকে। উক্ত সভাতেই অতিথিসকলে পি এম কিষাণ আঁচনিৰ অন্তৰ্ভুক্ত হোৱা ভালেকেইগৰাকী কৃষকক সন্মান জনায় আৰু জৈৱিক পদ্ধতিৰে কৃষি কাৰ্য কৰিবলৈ অনুৰোধ জনায়।

You might also like