ডেকাৰগাঁৱৰ পৰা মঙলদৈ হৈ আজ্ঞাঠুৰীলৈ ৰে’ললাইন নিৰ্মাণৰ দাবী
ৰে’লপথ নিৰ্মাণৰ কাৰণে প্ৰস্তুত হ’ল ডি পি আৰ, কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিলেই আৰম্ভ হ’ব ৰে’লপথ নিৰ্মাণৰ কাম, উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ শীৰ্ষ বিষয়া অঞ্জনী কুমাৰক সাক্ষাৎ ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ
ৰাজ্যৰ শোণিতপুৰ আৰু দৰং জিলাৰ মাজেৰে ডেকাৰগাঁও, ঠেলামাৰা, বগৰীবাৰী, ডুমডুমা, দলগাঁও, মঙলদৈ, আজ্ঞাঠুৰী সংযোগ কৰি এটা নতুন ৰেলপথ নিৰ্মাণৰ দাবীত ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চই দীৰ্ঘদিন ধৰি বিভিন্ন আন্দোলন কৰি আহিছে ৷
এই দাবী সন্দৰ্ভত কালি ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ চাৰিজনীয়া প্ৰতিনিধি দল এটাই উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ শীৰ্ষ বিষয়া তথা নিৰ্মাণ বিভাগৰ ভাৰপ্ৰাপ্ত জি এম অঞ্জনী কুমাৰক সাক্ষাৎ কৰে৷ নাগৰিক মঞ্চৰ প্ৰতিনিধি দলটোৱে তেওঁক সাক্ষাৎ কৰাৰ লগতে এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷
উল্লেখ্য যে, এই নতুন ৰে’লপথ নিৰ্মাণৰ দাবীত ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চই ২০১২ চনৰ পৰা বিভিন্ন আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ লগতে এই দাবী সন্দৰ্ভত ৰেল বোৰ্ড আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন নিবেদন জনাই আহিছে ৷
এই দাবীৰ পৰিপেক্ষিতত আৰু ৰেল বোৰ্ডৰ তৎপৰতাত উত্তৰ পূৱ সীমান্ত ৰেলৱে ৰেল কৰ্তৃপক্ষই ইতিমধ্যে এই প্ৰস্তুাৱিত ৰেলপথৰ ডি পি আৰ প্ৰস্তুত কৰি ডি পি আৰ ৰেলবোৰ্ডত দাখিল কৰিছে বুলি শীৰ্ষ বিষয়াগৰাকীয়ে প্ৰতিনিধি দলটোক অৱগত কৰে৷
এই দাবী সন্দৰ্ভত ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চই ২০১৮ চনৰ ২৫ জুলাইত তেতিয়াৰ কেন্দীয় ৰে’লমন্ত্ৰী পীয়ুষ গোৱেল, ৰে’লৰাজ্য মন্ত্ৰী মনোজ সিনহাক নতুন দিল্লীত সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰিছিল৷ ৰে’লবোৰ্ডৰ অধ্যক্ষৰ উপৰি শীৰ্ষ বিষয়াক ৰে’লভৱনত সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰিছিল৷
বিগত বৰ্ষৰ ১২ জুলাইত নাগৰিক মঞ্চৰ প্ৰতিনিধি দল এটা প্ৰধানমন্ত্ৰী কাৰ্যালয়ত উপস্থিত হৈ স্মাৰক পত্ৰ দাখিল কৰে ৷ প্ৰতিনিধি দলটোৱে ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে৷ নাগৰিক মঞ্চৰ প্ৰতিনিধি দলটো সেই সময়ত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ চৰকাৰী বাসগৃহত উপস্থিত হৈ ৰে’লমন্ত্ৰী গৰাকীৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰে৷
এই ৰে’লপথ নিৰ্মাণৰ দাবীত ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চই অৱস্থান ধৰ্মঘট, ধৰ্ণা কাৰ্যসূচী, গণ স্বাক্ষৰ অভিযান আদি অব্যাহত ৰাখিছে ৷
ইপিনে দৰং জিলাৰ মাজেৰে নতুন ৰে’লপথ নিৰ্মাণৰ দাবীত সৰৱ ভূমিকা পালন কৰি অহা মংগলদৈৰ সাংসদ দিলীপ শইকীয়াই বিগত বৰ্ষৰ ৬ জুলাইত নাগৰিক মঞ্চৰ এটা প্ৰতিনিধি দলে মংগলদৈত গৈ সাক্ষাৎ কৰাৰ লগতে এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷
এই নতুন ৰে’লপথ নিৰ্মাণৰ দাবী সন্দৰ্ভত বিগত বৰ্ষৰ ১৮ আগষ্টত ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ প্ৰতিনিধি দল এটাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দিশপুৰত সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে ৷
এই ৰে’লপথ নিৰ্মাণ হ’লে উত্তৰ অসমৰ যাতায়াত যোগাযোগ ব্যৱস্থা সুচল হ’ব আৰু বৃহৎ সংখ্যক লোক উপকৃত হ’ব বুলি নাগৰিক মঞ্চৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে ৷ এই প্ৰতিনিধি দলটোত ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সম্পাদক ৰিপেণ ৰাভা, সাংগঠনিক সম্পাদক নাৰায়ণ ফয়েল, ডাঃ উমেশ চন্দ্ৰ দাস আৰু গোকুল বছনেট উপস্থিত আছিল ৷
নিয়মীয়া বাৰ্তা, মিছামাৰী, ২২ নৱেম্বৰ