নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোটদানৰ হাৰ কম প্ৰধানমন্ত্ৰীৰ সমষ্টি বাৰানসীৰ চহৰ অঞ্চলত

বিশেষ বাৰ্তা, ৭ মাৰ্চঃ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ আজি সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমষ্টি বাৰানসীকে ধৰি ৫৪টা সমষ্টিৰ বাবে আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। পুৱা ৯ বজালৈ বাৰানসীৰ গ্ৰাম্য সমষ্টিবোৰতকৈ চহৰীয়া সমষ্টিত ভোটদানৰ হাৰ কম হোৱা পৰিলক্ষিত হৈছে। একেদৰে গোটেই ৰাজ্যখনৰ ভোটদানৰ হাৰ পুৱা ৯ বজালৈ ৮.৫৮শতাংশ বুলি জানিব পৰা গৈছে। আজি ইভিএমত বন্দী হ’ব ৬১৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

You might also like