জুবিন গাৰ্গ-ৰ মৃত্যু প্ৰসংগ : ১৩গৰাকী বিশিষ্ট ব্যক্তিৰে আলোচনাত বহিব অসম আৰক্ষী
চলি আছে হাৰ্টথ্ৰব জুবিন গাৰ্গ-ৰ ৰহস্যজনক মৃত্যুৰ তদন্ত। চি আই ডি আৰু এছ আই টিয়ে জোৰদাৰ গতিত চলাই নিছে তদন্ত। ইতিমধ্যে ৭জনকৈ লোক গ্ৰেপ্তাৰ কৰিছে এছ আই টিয়ে। লগত বহু লোকক সোধাপোছাৰ বাবে তলব কৰিছে এছআইটিয়ে।
ইয়াৰ সমান্তৰালে কাইলৈ ৰাজ্যৰ বিশিষ্ট ব্যক্তিৰ সৈতে আলোচনা কৰি পৰামৰ্শ গ্ৰহণ কৰিব অসম আৰক্ষীয়ে। এই ১৩গৰাকীৰো অধিক বিশিষ্ট ব্যক্তিৰে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই বৈঠকত বহিব। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা প্ৰসংগতে আৰক্ষী আৰু বিশিষ্ট ব্যক্তিসকলৰে আলোচনাত বহিব অসম আৰক্ষী।
এই ১৩জন বিশিষ্ট ব্যক্তি তালিকাত আছে অনুৰাধা শৰ্মা পূজাৰী, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, মনোজ কুমাৰ গোস্বামী, ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, উত্পল শৰ্মা, সমীৰণ ফুকন, ৰাহুল গৌতম শৰ্মা, সঞ্জীৱ ফুকন, শ্যামন্তক গৌতম, শিৱানু বৰা, প্ৰাঞ্জল শইকীয়া, ডা: হিতেশ বৰুৱা, জাৰিৰ হুছেইন, অতনু ভূঞা।
উল্লেখ্য যে অসম আৰক্ষীৰ অতিথিশালাত এই বিশেষ আলোচনা অনুষ্ঠিত হব।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৩ অক্টোবৰ