নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমৃতপ্ৰভাৰ ম’বাইলৰ পৰা ডিলিট কৰা ভিডিঅ’ পুনৰুদ্ধাৰ এছ আই টিৰ

ডিজিটেল ডেস্ক, ১৩ অক্টোবৰ : এছ আই টিয়ে উদ্ধাৰ কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ শেষ মুহূৰ্তৰ ভিডিঅ’। চি আই ডিৰ আই টি চেলে উদ্ধাৰ কৰিছে অমৃতপ্ৰভা মহন্তৰ ম’বাইলত ৰেকৰ্ড হোৱা ছিংগাপুৰৰ সাগৰৰ জুবিনৰ অন্তিম মুহূৰ্তৰ ভিডিঅ’। যি ভিডিঅ’ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অন্যতম অভিযুক্ত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কথা মতে ডিলিট কৰিছিল অমৃতপ্ৰভাই। উল্লেখ্য় যে সামাজিক মাধ্যমত খণ্ড খণ্ডকৈ কেইবাটাও ভিডিঅ’ প্ৰচাৰ হৈছিল যদিও সম্পূৰ্ণ ভিডিঅ’ পোহৰলৈ অহা নাছিল।

অমৃতকণ্ঠৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যজুৰি অগণিত অনুৰাগীয়ে চৰকাৰক ন্যায় প্রদানৰ দাবী তোলাৰ সময়তে তীব্রগতিত চলিছে বিশেষ তদন্তকাৰী গোটৰ তদন্ত৷ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত থকাৰ মাজতে বিশেষ তদন্তকাৰী গোটে উক্ত ভিডিঅ’ উদ্ধাৰ কৰি লাভ কৰিছে এক ডাঙৰ সফলতা। এছ আই টিৰ বিশেষ দলে অমৃতপ্ৰভাৰ ম’বাইলৰ পৰা ডিলিট হোৱা ভিডিঅ’ উদ্ধাৰ কৰাৰ পিছতে তদন্তৰ ক্ষেত্ৰত এই ভিডিঅ’সমূহ বিশেষ সহায়ক হ’ব।

উল্লেখ্য যে ১৯ ছেপ্টেম্বৰৰ অভিশপ্ত দিনটোত ছিংগাপুৰৰ মহাসমুদ্রৰ বুকুত আয়োজিত য়ট পার্টীত ৰহস্যজনকভাৱে প্রাণ হেৰুৱাইছিল অসমীয়াৰ আৱেগ জুবিন গার্গে৷  ছিংগাপুৰৰ এই য়ট পাৰ্টীৰ ভিডিঅ’ অমৃতপ্ৰভা মহন্তৰ ম’বাইলত ৰেকৰ্ড কৰা হৈছিল, যি ভিডিঅ’ পিছত সামাজিক মাধ্যমত খণ্ড খণ্ডকৈ প্ৰচাৰ হৈছিল। কিন্তু জুবিনৰ ৰহস্যজনক মৃত্যুৰ পিছত অমৃতপ্ৰভাই সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশতে সম্পূৰ্ণ ভিডিঅ’ ডিলিট কৰিছিল বুলি এছ আই টিৰ জেৰাত প্ৰকাশ কৰিছিল। এতিয়া উক্ত ভিডিঅ’ এছ আই টিৰ দলে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাত সমগ্ৰ তদন্ত প্ৰক্ৰিয়াই এক নতুন গতি ল’ব।

You might also like