🔹 ছিংগাপুৰত জুবিনৰ সৈতে থকা সকলোৰে বিৰুদ্ধে গোচৰ
বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : জুবিন গার্গৰ ৰহস্যজনক মৃত্যু সন্দর্ভত শিল্পীগৰাকীৰ সহধর্মিণী গৰিমা গার্গে কালি দাখিল কৰিলে এখন এজাহাৰ৷ চিআইডিৰ ওচৰত দাখিল কৰা এই এজাহাৰত ছিংগাপুৰত জুবিনৰ মৃত্যুৰ সময়ত থকা সকলো ব্যক্তিৰ বিৰুদ্ধে অভিযোগ তোলা হৈছে৷
উল্লেখ্য যে জুবিন গার্গৰ মৃত্যুৰ পাছতেই শ্যামকানু মহন্ত আৰু জুবিন গার্গৰ মেনেজাৰ সিদ্ধার্থ শর্মাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্রান্তত দাখিল হৈছিল একাধিক এজাহাৰ৷ কিন্তু ইয়াৰ বিপৰীতে পৰিয়ালৰ লোকে শিল্পীগৰাকীৰ মৃত্যুক লৈ আৰক্ষীৰ ওচৰত কোনোধৰণৰ অভিযোগ দাখিল কৰা নাছিল৷ কালি দাখিল কৰা এজাহাৰত স্বাক্ষৰ কৰিছে জুবিন গার্গৰ পত্নী গৰিমা গার্গ, ভগ্ণী পামী বৰঠাকুৰ আৰু খুৰাক মনোজ বৰঠাকুৰে৷ স্বাভাৱিকতে জুবিন গার্গৰ পৰিয়ালে দাখিল কৰা এই এজাহাৰৰ পাছতেই সমগ্র ঘটনা সন্দর্ভত চিআইডিয়ে কি ধৰণে আইনী প্রক্রিয়া আগুৱাই নিয়ে সেয়া লক্ষণীয় হ’ব৷
স্মর্তব্য যে জুবিন গার্গৰ মৃত্যুৰ পাছতে গৰিমা গার্গে ফেচবুক লাইভযোগে মেনেজাৰ সিদ্ধার্থ শর্মাৰ বিৰুদ্ধে থকা অভিযোগসমূহ উঠাই ল’বলৈ এক আহ্বান জনাইছিল৷ ইয়াৰ বিপৰীতে কিন্তু কালি পৰিয়ালৰ লোকে ছিংগাপুৰত শিল্পীগৰাকীৰ সৈতে থকা প্রতিজন লোকৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰে বিষয়টো অতি গুৰুত্বপূর্ণ কৰি তুলিছে৷