নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুখৰ মাজতে কাইলৈৰ পৰা আৰম্ভ শাৰদীয় দুর্গোৎসৱ : জুবিনবিহীন অসমত ম্লান পৰিল দুর্গাপূজাৰ উছাহ

বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : অসমীয়াৰ স্বাভিমান জুবিন গার্গৰ মৃত্যুত ম্রিয়মাণ হৈ পৰা ৰাজ্যবাসী আজিও শোকত আতুৰ হৈ আছে৷ প্রিয় শিল্পীগৰাকীৰ মৃত্যুক এতিয়ালৈকে স্বাভাৱিকভাৱে ল’ব পৰা নাই অসমীয়াই৷ ৰাজ্যজুৰি বিভিন্ন তর্ক–বিতর্ক হৈ থকাৰ সময়তে জুবিনবিহীন অসমত ম্লান পৰিছে শাৰদীয় দুর্গোৎসৱ৷

দুখৰ মাজতে আজিৰ পৰা ষষ্ঠীৰ বেলবৰণেৰে আৰম্ভ হ’ব শাৰদীয় দুর্গোৎসৱ৷ আজি সন্ধিয়া ৬ বজাত শ্রীশ্রী দুর্গাদেৱীৰ কল্পাৰম্ভ, বেলবৰণ, আমন্ত্রণ আৰু অধিবাসেৰে দুর্গোৎসৱ আৰম্ভ হ’ব৷ দৈৱজ্ঞৰ গণনা অনুসৰি এইবাৰ দেৱীৰ আগমন ৰাজ্যৰ বাবে মংগলদায়ক যদিও গমন হ’ব বেদনাদায়ক৷ দেৱী দুর্গাৰ এইবাৰ আগমন ঘটিব হাতীত৷ দৈৱজ্ঞৰ মতে, পৃথিৱী শস্য–শ্যামলা হৈ পৰিব৷ একেদৰে দেৱীৰ গমন হ’ব দোলাত৷ দৈৱজ্ঞৰ মতে, মাৰিমৰক অৱস্থাৰ সৃষ্টি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে৷

২৯ ছেপ্টেম্বৰৰ পুৱা ৯ বজাত দেৱীৰ নৱপত্রিকা প্রৱেশৰ মাজেৰে পুৱা ১০ বজাৰ পৰা সপ্তমীবিহিত পূজা আৰম্ভ হ’ব৷ ৩০ ছেপ্টেম্বৰৰ দিনাখন হ’ব মহাষ্টমী পূজা৷ পুৱা ৭ বজাত মহাষ্টমী পূজা আৰম্ভ হৈ দিনৰ ১১ বজাত সামৰণি হ’ব৷ ১ অক্টোবৰৰ দিনা অনুষ্ঠিত হ’ব মহানৱমী পূজা৷ পুৱা ৭ বজাৰ পৰা সেইদিনাখন নৱমী যথাবিহিত পূজা আৰম্ভ হোৱাৰ লগতে দিনৰ ১১ বজাত আৰম্ভ হ’ব কুমাৰী পূজা৷ ২ অক্টোবৰৰ দিনা পুৱা ৯ বজাত দশমী বিহিত পূজা আৰম্ভ হোৱাৰ পাছতে পুৱা ১০ বজাৰ পৰা অপৰাজিতা পূজা আৰু বলয়ধাৰণৰ লগে লগে দেৱী বিসর্জন প্রক্রিয়াৰ পিছতে শাৰদীয় দুর্গোৎসৱৰ সামৰণি পৰিব৷

যিয়েই নহওক, ষষ্ঠীৰ বেলবৰণেৰে আজিৰ পৰা শাৰদীয় দুর্গোৎসৱ আৰম্ভণি হ’ব যদিও এইবাৰ পূজা অসমীয়াৰ বাবে সুখকৰ নহ’ব৷ অসমীয়াৰ প্রিয় শিল্পী জুবিন গার্গৰ মৃত্যুৰ আজি ১০ দিন সম্পূর্ণ হ’ব৷ ৰাজ্যজুৰি ষষ্ঠী পূজাৰ লগে লগে দুর্গাপূজা আৰম্ভ হ’ব যদিও আজি অসমীয়াৰ হিয়াৰ আমঠু জুবিন গার্গৰো দহাকর্ম অনুষ্ঠিত হ’ব৷ সুখৰ তুলনাত এইবাৰ অধিক দুখদায়ক হ’ব দুর্গাপূজা৷ অসমৰ জাতীয় জীৱনত প্রভাৱ পেলোৱা প্রিয় শিল্পী জুবিন গার্গৰ মৃত্যুৱে আজিৰ পৰা অনুষ্ঠিত হ’বলগীয়া দুর্গাপূজাই নহয়, পূজাৰ সময়ত ৰাজ্যত হোৱা বজাৰখনতো ইতিমধ্যে প্রভাৱ পেলাইছে৷

সাধাৰণতে শাৰদীয় দুর্গোৎসৱৰ সময়ছোৱা অসমৰ ব্যৱসায়িক মহলৰ বাবে এটি সুবর্ণ সুযোগ ৰূপে বছৰ বছৰ ধৰি পৰিগণিত হৈ আহিছে৷ প্রতিবাৰেই শাৰদীয় দুর্গোৎসৱ মানেই নতুন কাপোৰ পৰিধান কৰি বিভিন্ন পূজা মণ্ডপত সেৱা জনাই ফুৰা–চকা কৰাৰ বতৰ৷ কিন্তু অসমীয়াৰ আৱেগ জুবিন গার্গৰ মৃত্যুত এইবাৰ ম্লান পৰিছে দুর্গোসৱৰ বতৰ৷ ৰাজ্যৰ অন্যতম ব্যৱসায়িক প্রাণকেন্দ্র ফাঁচী বজাৰত প্রতিবাৰে দুর্গোৎসৱৰ সময়ত বিৰ দি বাট নোপোৱা হোৱা অৱস্থাৰ এইবাৰ বিপৰীত ছবিখনহে প্রতিফলিত হ’ল৷ ৰাজপথত যান–জঁট আছে যদিও ৰাইজৰ নাই উছাহ–উদ্দীপনা৷ একেদৰে নিৰুৎসাহিত হৈ পৰিছে ব্যৱসায়িক মহলো৷ অৱশ্যে পূজাৰ বতৰ বেয়া বুলি নহয় প্রিয় শিল্পীগৰাকীক অকালতে হেৰুওৱাৰ দুখত ম্রিয়মাণ হৈ পৰিছে সকলোৱে৷ পূজাৰ বতৰ বুলি ব্যৱসায়িক মহলে কাপোৰ অথবা আন সামগ্রী দোকানলৈ আনিছে যদিও উছাহৰ অভাৱ ঘটিছে৷

একাংশ ব্যৱসায়ীয়ে এই সন্দর্ভত কয় যে পূর্বৰ তুলনাত দুর্গাপূজাৰ বজাৰ কিছু সংকুচিত হৈছে যদিও এইবাৰ অধিক প্রভাৱ পৰিছে৷ জুবিনদাৰ মৃত্যুক এতিয়াও আমি সহজে ল’ব পৰা নাই৷ আমাৰ দৰে গ্রাহকৰো একেই অৱস্থা হয়তো হৈছে৷ ব্যৱসায়িক মহলৰ লগতে এইবাৰ দুর্গাপূজাক লৈ বিশেষ উছাহ পৰিলক্ষিত হোৱা নাই পূজা সমিতিসমূহৰ ক্ষেত্রতো৷ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যজুৰি বিভিন্ন পূজা সমিতিয়ে শাৰদীয় দুর্গোসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰিছিল বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ৷ কিন্তু শিল্পীগৰাকীৰ অকাল মৃত্যুৰ পাছতেই কেইবাখনো পূজা সমিতিয়ে সকলোবোৰ অনুষ্ঠান বাতিল কৰিছে৷ ইয়াৰ সলনি কেৱল বৈদিক ৰীতি–নীতিক প্রাধান্য দিহে এইবাৰ পূজা আয়োজন কৰা হ’ব বুলি সমিতিসমূহে জনাইছে৷ একাংশ উদ্যোক্তাই সদৰী কৰা মতে, জুবিন গার্গ অকল এগৰাকী শিল্পীয়েই নাছিল, তেওঁ আছিল অসমীয়াৰ আৱেগ৷ গতিকে অসমীয়াৰ আৱেগৰ বিপদৰ সময়ত আমি ফূর্তি কৰাটো কোনো কাৰণতে যুক্তিসংগত হ’ব নোৱাৰে৷ যিয়েই নহওক, অমৃতকণ্ঠ জুবিন গার্গৰ মৃত্যুৱে ৰাইজক শোকাহত কৰাই নহয়, শাৰদীয় দুর্গোৎসৱকো সম্পূর্ণৰূপে ম্লান কৰি পেলালে৷ সকলোৰে দেৱী দুর্গাৰ ওচৰত এটাই প্রার্থনা– শিল্পীগৰাকীৰ সৈতে হোৱা অন্যায়ৰ বিৰুদ্ধে ন্যায় বিচাৰ হওক৷

You might also like