নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্রেছ ক্লাবত দিব্যজ্যোতি ডেকাৰ দুখন গ্রন্থ উন্মোচন

নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ বিশিষ্ট লেখিকা দিব্যজ্যোতি ডেকাৰ দুখন গ্রন্থ আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷ এই উপলক্ষে গুৱাহাটী প্রেছ ক্লাবত হাতীগাঁৱৰ নৱাৰুণ শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ডেকাৰ কাব্যগ্রন্থ ‘বাৰ মাহৰ মালিতা’ আৰু উপন্যাস ‘এয়া কেনেকুৱা প্রেম’ উন্মোচন কৰা হয়৷ গ্রন্থ দুখন উন্মোচন কৰে সাহিত্য অকাডেমি বঁটাপ্রাপক বিশিষ্ট সাহিত্যিক বিপুল দেউৰী, বিশিষ্ট কবি মনজিৎ সিঙে৷

গ্রন্থ দুখন উন্মোচন কৰি সাহিত্যিক বিপুল দেউৰীয়ে লেখিকাৰ উপন্যাসখনৰ বিষয়ে সমালোচনামূলক বক্তব্য আগবঢ়োৱাৰ লগতে লেখিকালৈ শুভেচ্ছা জ্ঞাপন কৰে৷ আনগৰাকী উন্মোচক কবি মনজিৎ সিঙেও ‘বাৰ মাহৰ মালিতা’ শীর্ষক কবিতা পুথিখনৰ ওপৰত বক্তব্য দাঙি ধৰে৷ শতদল নৱাৰুণ শাখা সাহিত্য সভাৰ সভাপতি ভাস্বতী কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই গ্রন্থ উন্মোচনী অনুষ্ঠানত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি দাসো কলিতাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানত নৱাৰুণ শাখা সাহিত্য সভাৰ সদস্যসকলে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীর্ষক সমৱেত সংগীত পৰিৱেশন কৰে৷ অনুষ্ঠানত লোকগীত পৰিৱেশন কৰে জ্যোতিকা গোস্বামী, বিজু দাস আৰু নীলিমা ডেকাই৷

You might also like