নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পামহিত বন্যহস্তীৰ উপদ্রৱ

নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ গড়ভংগা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে দীপৰ বিলৰ আশে–পাশে থকা অঞ্চলসমূহত উপদ্রৱ চলাই আহিছে৷ যোৱানিশা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা বন্যহস্তীয়ে পামহিত উপদ্রৱ চলায়৷ বন্যহস্তীটোৱে পামহিৰ এটা গুদামত প্রৱেশ কৰি খাদ্যৰ সন্ধানত গুদামটোৰ প্রথম মহলালৈকে উঠি যায়৷ স্থানীয় ৰাইজে এই ঘটনা প্রত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে৷ বন বিভাগৰ এটা দলে নিশা প্রায় ১০ বজাৰ পৰা পুৱতি নিশা ২ বজালৈ চলোৱা চেষ্টাৰ অন্তত বন্যহস্তীটো গুদামটোৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয়৷ বন বিভাগৰ দলটোৱে গড়ভংগা বনাঞ্চললৈ বন্যহস্তীটো খেদি পঠিয়ায়৷

You might also like