নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফণীন্দ্র কুমাৰ দেৱচৌধুৰীৰ গ্রন্থ উন্মোচন

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ  অসমৰ এগৰাকী প্রসিদ্ধ কথা–সাহিত্যিক ফণীন্দ্র কুমাৰ দেৱচৌধুৰীয়ে শেহতীয়াভাৱে কবি হিচাপে আত্মপ্রকাশ কৰিছে৷ জীৱনৰ ৬৮বছৰ বয়সত তেওঁ প্রথমখন কাব্য সংকলন প্রকাশ কৰি অসমীয়া পাঠকৰ বাবে একব্যতিক্রমী খবৰ কঢ়িয়াই আনিছে৷ আজি বছৰৰ পহিলা দিনটোৰ পুৱা ১১ বজাত গুৱাহাটী প্রেছ ক্লাবত ফণীন্দ্র কুমাৰ দেৱচৌধুৰীৰ ‘প্রেমৰ যাদুঘৰ’ নামৰ এইব্যতিক্রমী কাব্য সংকলনটো উন্মোচন কৰা হয়৷ উন্মোচন কৰে অসমৰ এগৰাকী আগশাৰীৰ কবি অনুভৱ তুলসীয়ে৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সমালোচক অভিজ্ঞান অনুৰাগ আৰু লেখক শান্তিকাম হাজৰিকা৷ গ্রন্থ উন্মোচনী অনুষ্ঠানটোৰ আঁত ধৰে কবি কমল কুমাৰ মেধিয়ে৷ গ্রন্থখন প্রকাশ কৰি উলিয়াইছে অসমৰ এটা উল্লেখযোগ্য প্রকাশন প্রতিষ্ঠান আখৰ প্রকাশে৷

You might also like