নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পহিলা জানুৱাৰীত উখল–মাখল দীপৰ বিল–চন্দ্রপুৰ–হাতী

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ  শীতৰ আগমনৰ লগে লগে কর্মব্যস্ত জীৱনৰ পৰা কিছু আঁতৰত পৰিয়াল তথা বন্ধু–বান্ধৱৰ লগত একাত্মভাৱে কটাবলৈ ৰাজ্যৰ বনভোজস্থলীসমূহ ভিৰ কৰেহি বনভোজকাৰী দলসমূহে৷ লগে–ভাগে এসাঁজ খোৱাৰ আনন্দত মতলীয়া হৈ পৰে বনভোজকাৰীসকল৷ কোনোৱে যদি গীত গাইছে, আন কোনোৱে আকৌ গীতৰ তালে তালে নৃত্য কৰি আনন্দত মতলীয়া হৈ পৰে৷ এনেদৰে বছৰৰ প্রথমটো দিনত বনভোজৰ আমেজ লোৱা পৰিলক্ষিত হ’ল মহানগৰীৰ দীপৰ বিল, চূণচালি, চন্দ্রপুৰ–পানীখাইতী বনভোজস্থলীসমূহত৷ হাতীশিলা আৰু চন্দ্রপুৰৰ তপোবনত ব্রহ্মপুত্রৰ বালি চাপৰিত বনভোজকাৰীসকলে নৱবর্ষৰ আনন্দ লৈ বিভিন্ন ব্যঞ্জনৰ জুতিৰ বাবে ৰন্ধনত ব্যস্ত হৈ পৰা দেখা গ’ল বনভোজকাৰীসকলক৷ ৰন্ধনৰ সমান্তৰালকৈ আকৌ সমনীয়াৰ সৈতে বালিত ফুটবল খেলাও দেখা গ’ল একাংশ শিশুক৷

ব্রহ্মপুত্রৰ বালি চাপৰিত শিশুসকলে বালিঘৰ সাজি বালিৰে উমলা দৃশ্যই স্বাভাৱিকতে বনভোজ খাবলৈ অহা প্রতিজন লোককে তেওঁলোকে কৰি অহা অতীতৰ শিশু কালক সোঁৱৰাই দিয়া পৰিলক্ষিত হ’ল বছৰৰ প্রথমটো দিনত৷ তদুপৰি সমনীয়াৰ সৈতে একাংশ যুৱক–যুৱতীয়ে গীতৰ তালে তালে নৃত্য কৰি মন পুলকিত কৰি তোলে৷ মুঠৰ ওপৰত এনেদৰে বিগত বর্ষৰ আৰম্ভণিৰ পৰা হোৱা বিভিন্ন অভিশপ্ত দিনবোৰ পাহৰি নতুন বছৰৰ প্রথমটো দিনত এনেদৰে আনন্দত মতলীয়া হৈ পৰে যান্ত্রিকাতৰ পৰা ওলাই অহা একাংশ মহানাগৰিক৷ উল্লেখ্য যে প্রতিজন বনভোজকাৰীয়ে এই বছৰটো বিগত বর্ষৰ দৰে যাতে অভিশপ্ত নহয়, এক নতুন যুগৰ সূচনা হোৱাৰ কামনা কৰে৷

You might also like