নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশজুৰি আৰ্থিক মন্দাৱস্থা, হ্ৰাস বিদ্যুতৰ চাহিদা

সুদীৰ্ঘ ১২ বছৰৰ পাছত নিম্নগামী বিদ্যুতৰ চাহিদা

নিউজডেস্ক, ১১ নৱেম্বৰঃ আৰ্থিক মন্দাৱস্থাৰ পাছত দেশত অভাৱনীয়ভাবে হ্ৰাস পাইছে বিদ্যুতৰ চাহিদা। চৰকাৰী তথ্য়মতে সুদীৰ্ঘ ১২ বছৰৰ ভিতৰত অক্টোবৰ মাহত সবাতোতকৈ নিম্নগামী হৈছে বিদ্য়ুতৰ চাহিদা। দেশজুৰি অক্টোবৰ মাহত হ্ৰাস পাইছে ১৩.২ শতাংশ বিদ্যুতৰ চাহিদা। দেশৰ আৰ্থিক মন্দাৱস্থাৰ বাবে ঔদ্য়োগিক খণ্ডত নেতিবাচক প্ৰভাব পৰিছে ফলত দেশৰ মুঠ ঘৰুবা উৎপাদন ৫.৩ শতাংশলৈ হ্ৰাস পাইছে। ২০২০ চনৰ মাৰ্চৰ শেষলৈ মুঠ ঘৰুবা উৎপাদন ৬.১ শতাংশ হব বুলি ধাৰণা কৰা হৈছে যদিও ঔদ্য়োগিক খণ্ডত উৎপাদন নিম্নগামী হৈ থকাটোৱেই আৰ্থিক বিকাশৰ ধাৰণা কৰাৰ দৰে হ’বনে নাই সেয়া তাৎপৰ্যপূৰ্ণ।

 

 

You might also like