নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইন শ্বপিঙক প্ৰত্যাহ্বানঃ ব্যস্ততা বাঢ়িছে পূজাৰ বজাৰত

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ :   ৰিবৰিব মলয়া বতাহে কঁপাই যোৱা কঁহুৱাই আনিছে শৰতৰ বতৰা৷ নিয়ৰসনা দূবৰি ঢ়াকি সৰা শেৱালি ফুলৰ সুগন্ধই মনোমোহা কৰি তুলিছে শাৰদীয় বতৰ৷ এই বতৰতে শাৰদীয় দুর্গোৎসৱৰ আনন্দত মতলীয়া হ’বলৈ সাজু হৈ পৰিছে অসমবাসীও৷ বিগত দুটা বছৰ ক’ভিডৰ সংক্রমণৰ বাবে আৰোপ কৰা বিভিন্ন নিষেধাজ্ঞা প্রত্যাহাৰ কৰাৰ পাছত মুকলিমূৰীয়াভাৱে পুনৰ দুর্গোৎসৱৰ আনন্দ ল’বলৈ ৰাজ্যৰ প্রান্তে প্রান্তে আৰম্ভ হৈছে প্রস্তুতি৷ ইয়াৰ প্রতিফলন ঘটিছে ৰাজ্যৰ বজাৰসমূহত৷ ক’ভিডৰ বাবে বিগত দুটা বর্ষ ব্যাপক লোকচানৰ সন্মুখীন হোৱা ৰাজ্যৰ বজাৰলৈ দুর্গোৎসৱৰ সময়তে এইবাৰ পুনৰ ছন্দ ঘূৰি অহা পৰিলক্ষিত হৈছে৷ দুর্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকাৰ সময়তে বজাৰত নিজৰ পছন্দৰ কাপোৰ কিনিবলৈ গ্রাহকে ভিৰ কৰা দেখা গৈছে৷ বিশেষকৈ গুৱাহাটীৰ বজাৰসমূহত ক্রমাৎ গ্রাহকৰ ভিৰ বাঢ়িবলৈ আৰম্ভ কৰিছে৷ সৰু–বৰ ব্যৱসায়ীয়েও এইবাৰ বিগত দুটা বছৰৰ তুলনাত বজাৰ যথেষ্ট ভাল হোৱা বুলি মত প্রকাশ কৰিছে৷ যিহেতু এই বছৰত দুর্গোৎসৱ আয়োজনৰ ক্ষেত্রত কোনোধৰণৰ বাধা–নিষেধ আৰোপ কৰা হোৱা নাই, সেয়েহে পূজাৰ প্রাক্ক্ষণত দেশৰ ভিন্ন প্রান্তৰ পৰা কোটি কোটি টকাৰ কাপোৰো গুৱাহাটীৰ বজাৰলৈ আহিছে৷ দিল্লী, হাৰিয়ানা, বাংগালুৰুকে ধৰি দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যৰ পৰা ব্যৱসায়ীসকলে আমদানি কৰিছে বিভিন্ন ডিজাইনৰ সাজ–পোছাক৷ অৱশ্যে পূর্বৰ তুলনাত সাজ–পোছাক আৰু অন্যান্য সামগ্রীসমূহৰ দাম এইবাৰ কিছু পৰিমাণে বৃদ্ধি পাইছে বুলি তেওঁলোকে সদৰী কৰিছে৷

ৰেডিমেড গার্মেণ্ট ডীলার্ছ এছ’চিয়েচনৰ সভাপতি সুব্রত ৰয়ে সদৰী কৰা অনুসৰি ক’ভিডৰ বাবে বিগত দুই বছৰ বজাৰ একেবাৰে শূন্য হৈ পৰিছিল৷ ক্রমাৎ ক’ভিডৰ সংক্রমণ হ্রাস পোৱাৰ পাছত বাধা–নিষেধসমূহ প্রত্যাহাৰ হোৱাৰ লগে লগে ব্যৱসায় কিছু পৰিমাণে উন্নত হৈছে৷ পূজাৰ সময়ত ৫০–৬০ শতাংশ পর্যন্ত বজাৰ কৰিবলৈ ব্যৱসায়ীসকল সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ক’ভিডৰ পাছত পুনৰ পূর্বৰ স্বাভাৱিক দিনসমূহৰ দৰে এক পৰিৱেশ তেওঁলোকে ঘূৰি আহিব বুলি আশা কৰিছে৷ অৱশ্যে ক’ভিডৰ পাছত সৃষ্টি হোৱা অর্থনৈতিক সংকট আৰু দাম বৃদ্ধিৰ বাবে মানুহৰ ক্রয় ক্ষমতা হ্রাস পাইছে বুলিও তেওঁ মন্তব্য কৰে৷ বিশেষকৈ ক’ভিডৰ সময়ত সৰু সৰু ব্যৱসায়িক প্রতিষ্ঠানসমূহ ব্যাপকভাৱে ক্ষতিগ্রস্ত হৈছিল বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয়– অনলাইন শ্বপিঙৰ বাবেও ব্যৱসায়ীসকল যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ তদুপৰি গুৱাহাটীৰ বিভিন্ন স্থানত সৰু–বৰ বহু মল স্থাপন কৰা হৈছে৷ ইয়াৰ বাবেও ব্যৱসায়িক প্রতিষ্ঠানসমূহ কিছু ক্ষতিৰ সন্মুখীন হৈছে৷

উল্লেখ্য যে ক’ভিড সংক্রমণৰ বাবে বিগত দুটা বর্ষত ৰাজ্য চৰকাৰে পূর্বৰ দৰে জাকজমকীয়াকৈ দুর্গোৎসৱ অনুষ্ঠিত কৰাত বাধা আৰোপ কৰিছিল৷ মহামাৰীৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি পূজা কমিটীসমূহেও কেৱল ধর্মীয় পৰম্পৰা ৰক্ষা কৰি দুর্গোৎসৱ আয়োজন কৰিছিল৷ ৰাজ্যৰ প্রান্তে প্রান্তে পূর্বৰ দৰে কোনোধৰণৰ বৃহৎ পেণ্ডেল, চকুত ছাট মাৰি ধৰা আলোকসজ্জা আদিৰ ব্যৱস্থা কৰা হোৱা নাছিল৷ ইয়াৰ পৰিৱর্তে এইবাৰ ক’ভিডৰ সংক্রমণ হ্রাস পোৱাৰ বাবে পুনৰ পূর্বৰ দৰেই জাকজমকীয়াকৈ পূজা অনুষ্ঠিত কৰিবলৈ দুর্গোৎসৱ আয়োজক কমিটীসমূহ সাজু হৈছে৷ ইতিমধ্যে ৰাজ্যৰ আন প্রান্তৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত দুর্গাপূজা কমিটীসমূহে বৃহৎ বাজেটেৰে পূজা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ ২০–২৫ লাখ পর্যন্ত বাজেটেৰে আকর্ষণীয় আর্হিৰে দুর্গোৎসৱৰ পেণ্ডেল নির্মাণৰ কামো ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ অসমৰ লগতে কলকাতাৰ পৰা অহা শিল্পী ব্যস্ত হৈ পৰিছে মণ্ডপ নির্মাণকার্যত৷ একেদৰে দুর্গোৎসৱৰ আগমনৰ লগে লগে ৰাজ্যৰ মৃণ্ময় শিল্পীসকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে৷ বিভিন্ন আকাৰৰ মূর্তি নির্মাণ কৰিবলৈ মৃণ্ময় শিল্পীসকলে আৰম্ভ কৰিছে৷ অৱশ্যে কেঁচা সামগ্রীৰ মূল্য যথেষ্ট বৃদ্ধি পোৱাৰ বাবে এইবাৰ প্রতিমাৰ মূর্তিৰ দামো বৃদ্ধি পাব বুলি শিল্পীসকলে প্রকাশ কৰিছে৷

পাণবজাৰস্থিত লক্ষী শিল্পালয়ৰ মৃণ্ময় শিল্পী অশোক কুমাৰ পালে কয় যে প্রতিমা নির্মাণৰ বাবে মাটি, বাঁহ, খেৰ, কাঠ, গজাল আদিৰ প্রয়োজন হয়৷ চন্দ্রপুৰ, পানীখাইতী আদি অঞ্চলৰ পৰা তেওঁলোকে মাটি প্রতিমা নির্মাণৰ বাবে ক্রয় কৰি আহিছে৷ তদুপৰি প্রতিমাৰ কাপোৰ–কানি, ৰং, গহনা–গাঁঠৰি আৰু অন্যান্য সংশ্লিষ্ট সামগ্রীসমূহ কলকাতাৰ পৰা আনিবলগীয়া হৈছে৷ এই আটাইবোৰ কেঁচা সামগ্রীৰে মূল্য বিগত বর্ষসমূহৰ তুলনাত দুগুণলৈ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি তেওঁ কয়– আমি যথেষ্ট মূল্য ভৰি কেঁচা সামগ্রী ক্রয় কৰিবলগীয়া হৈছে৷ যাৰ বাবে প্রতিমাৰ দামো বৃদ্ধি কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে৷ কিন্তু গ্রাহকসকলে বর্ধিত দাম দিবলৈ অমান্তিও প্রকাশ কৰে৷ অৱশ্যে ক’ভিড পৰিস্থিতিৰ সময়ত কোনো কাম লাভ নকৰা মৃণ্ময় শিল্পীসকলে এইবাৰ প্রতিমা নির্মাণৰ যথেষ্ট অর্ডাৰ লাভ কৰিছে বুলি তেওঁ সদৰী কৰে৷ পালে প্রকাশ কৰা অনুসৰি তেওঁলোকে তিনি ফুট উচ্চতাৰ পৰা ৯ ফুট উচ্চতা পর্যন্ত মূর্তি নির্মাণ কৰে৷ যাৰ দাম নূ্যনতম ৮ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকাপর্যন্ত৷ পূজাৰ সময়ত অর্ডাৰ লাভ কৰা মূর্তি সময়মতে নির্মাণ কৰাৰ বাবে সাময়িকভাৱে বাহিৰৰ পৰা কাম কৰা মানুহ তেওঁলোকে আনিবলগীয়া হৈছে বুলিও জানিবলৈ দিছে৷

উল্লেখ্য যে বিভিন্ন পূজা কমিটীসমূহৰ উপৰি কামাখ্যা আৰু উগ্রতাৰা দেৱালয়ত পৰম্পৰাগতভাৱে এইবাৰ দুর্গোৎসৱ অনুষ্ঠিত কৰা হ’ব৷ সদৌ অসম দেৱালয় সংঘৰ সাধাৰণ সম্পাদক কৈলাস শর্মাই সদৰী কৰা অনুসৰি উগ্রতাৰা দেৱালয়ত সপ্তমী, অষ্টমী আৰু নৱমীৰ দিনা বৈদিক ৰীতি–নীতিৰে পূজা সম্পন্ন কৰা হ’ব৷ এই তিনিওটা দিনতে বলি আগবঢ়োৱা হ’ব৷ বিশেষকৈ নৱমীৰ দিনা ম’হ বলি দিয়া হ’ব বুলি তেওঁ সদৰী কৰিছে৷ নৱমীৰ দিনা ১৩ৰ পৰা ১৪টা ম’হ বলি দিয়া হ’ব বুলিও তেওঁ প্রকাশ কৰিছে৷ আনহাতে লতাশিল খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া দুর্গোৎসৱৰ সৈতেও জড়িত শর্মাই প্রকাশ কৰা অনুসৰি লতাশিলত ২৫ৰ পৰা ৩০ লাখ বাজেটেৰে দুর্গোৎসৱৰ মণ্ডপ নির্মাণ কৰা হ’ব৷ লগতে লতাশিলত সাংস্কৃতিক কার্যসূচীও আয়োজন কৰা হ’ব৷ মুঠতে বিগত দুটা বছৰ ক’ভিডৰ বাবে ঘৰতে সোমাই থাকিবলগীয়া হোৱা ৰাজ্যবাসীয়ে এইবাৰ মুকলিমূৰীয়াকৈ উপভোগ কৰিব পাৰিব দুর্গোৎসৱৰ আনন্দ৷ আগন্তুক দিনসমূহত বজাৰসমূহত অধিক ভিৰ পৰিলক্ষিত হোৱাৰ সম্ভাৱনা আছে৷ ফাঁচীবজাৰৰ পৰা উপৰি মালিগাঁও, গণেশগুৰি আদিৰ বজাৰসমূহতো গ্রাহকৰ ভিৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷

You might also like