নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন দিল্লীত জিএছটি পৰিষদৰ সিদ্ধান্তঃ ৰাজ্যসমূহলৈ অনাদায় জিএছটি ক্ষতিপূৰণ ১৬,৯৮২ কোটি টকা মুকলি

  •  সংবাদ মেলত ঘোষণা কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ
  • ৰাজ্যসমূহলৈ অনাদায় জিএছটি ক্ষতিপূৰণ ১৬,৯৮২ কোটি টকা মুকলি
  • জুলীয়া গুড়ত নাথাকে জিএছটি, পেকেজিং আৰু লেবেলিং জুলীয়া গুড়ত জিএছটি ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্রাস, পেঞ্চিল ছার্পনাৰত জিএছটি ১৮ৰ পৰা ১২ শতাংশলৈ হ্রাস, কয়লাবর্জিতৰ নাথাকে জিএছটি
  • টেগছ, ট্রেকিং ডিভাইচ অথবা ডাটা ল’গাৰত নাথাকিব জিএছটি

নিয়মীয়া বাৰ্তা, ১৮ ফেব্রুৱাৰী:  কেন্দ্রীয় বিত্ত আৰু কর্প’ৰেট পৰিক্রমা
মন্ত্রী নির্মলা সীতাৰমণৰ অধ্যক্ষতাত আজি ৰাষ্ট্রীয় ৰাজধানী নতুন দিল্লীত
জিএছটি পৰিষদৰ ৪৯সংখ্যক বৈঠক অনুষ্ঠিত হয়৷ কেন্দ্রীয় ৰাজ্যিক
বিত্তমন্ত্রী পংকজ চৌধাৰী, বিত্ত মন্ত্রালয়ৰ উচ্চপদস্থ বিষয়া,
ৰাজ্য–কেন্দ্রীয়শাসিত অঞ্চলৰ বিত্তমন্ত্রীৰ উপস্থিতিত ৪৯সংখ্যক জিএছটি
পৰিষদৰ বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ বৈঠকৰ
সিদ্ধান্তসমূহ সংবাদ মেলযোগে ঘোষণা কৰে বিত্তমন্ত্রী নির্মলা সীতাৰমণে৷
সিদ্ধান্ত অনুসৰি জিএছটিৰ অনাদায় থকা ক্ষতিপূৰণ ১৬,৯৮২ কোটি টকা ৰাজ্য
আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ মুকলি কৰি দিয়া হয়৷ বৈঠকত কেইবাবিধো
সামগ্রীৰ জিএছটিৰ নিৰিখ হ্রাস কৰাৰ লগতে কিছুসংখ্যকক জিএছটিৰ পৰা ৰেহাই
দিয়া হয়৷ জিএছটি আপিল ন্যায়াধিকৰণ সন্দর্ভত মন্ত্রীগোটৰ প্রতিবেদন আজি
বৈঠকত গ্রহণ কৰি শীঘ্রেই সংশোধিত ৰূপত প্রকাশ কৰা হ’ব বুলি সিদ্ধান্ত
গ্রহণ কৰা হয়৷ বৈঠকৰ সিদ্ধান্ত অনুসৰি ইতিপূর্বে ১৮ শতাংশ জিএছটি থকা
খোলা জুলীয়া গুড়ত জিএছটি ৰেহাই দিয়া হয়৷ অর্থাৎ খোলা জুলীয়া গুড়ত এতিয়াৰে
পৰা কোনো জিএছটি নাথাকে৷ তেনেদৰে পেকেজিং আৰু লেবেল গুড়ৰ ক্ষেত্রত পূর্বৰ
১৮ শতাংশ জিএছটিৰ পৰা ৫ শতাংশলৈ হ্রাস কৰা হৈছে৷ পেঞ্চিল ছার্পনাৰৰ
জিএছটি ১৮ শতাংশৰ পৰা ১২ শতাংশলৈ হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷
আনপিনে, কয়লাবর্জিতৰ ওপৰত কোনো জিএছটি নাথাকে৷ পূর্বতে ১৮ শতাংশ জিএছটি
নিৰিখত থকা টেগছ, ট্রেকিং ডিভাইচ অথবা ডাটা ল’গার্ছত এতিয়াৰে পৰা কোনো
জিএছটি নাথাকে৷ মন কৰিবলগীয়া যে কৰ পৰিশোধৰ বিলম্ব হ’লে বিলম্ব মাচুল
যুক্তিসংগত কৰা হ’ব বুলিও বৈঠকত সিদ্ধান্ত লোৱা হয়৷

You might also like