নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছত ভূপেন বৰাবিৰোধী অভিযান

নিয়মীয়া বাৰ্তা, ১৮ ফেব্রুৱাৰী: ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছত আৰম্ভ
হোৱা বিসম্বাদৰ ৰাজনীতিয়ে ক্রমাৎ ভয়ানক ৰূপ ধাৰণ কৰিছে৷ মূলতঃ এ আই ইউ ডি
এফৰে মিত্রতা আৰু প্রদেশ কংগ্রেছৰ কমিটী গঠনত যোগ্যজনক বঞ্চিত কৰা
বিষয়টোক লৈয়ে দলৰ অভ্যন্তৰত বিসম্বাদৰ জুইকুৰা তীব্রতৰ হৈ পৰিছে৷

প্রদেশ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, বর্তমানৰ সভাপতি ভূপেন বৰাৰ স্থিতি
আৰু কাম–কাজক লৈ অসন্তুষ্ট হৈ পৰা দলৰ একাংশ নেতাই সম্প্রতি জাপে জাপে
ভূপেন বৰাৰ বিৰুদ্ধে হাইকমাণ্ডলৈ পত্র প্রেৰণ কৰিছে৷ এইক্ষেত্রত দলৰ
একাংশ বিধায়কৰ লগতে প্রাক্তন সাংসদ, প্রাক্তন মন্ত্রী, প্রাক্তন বিধায়ক,
প্রদেশ কংগ্রেছত বিষয়বাব লাভৰ পৰা বঞ্চিত হোৱা একাংশ জ্যেষ্ঠ নেতাই ভাগে
ভাগে বিভিন্ন বিষয়ক লৈ কংগ্রেছৰ শীর্ষ নেতৃত্বলৈ পত্র প্রেৰণ কৰি আহিছে৷

প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই এ আই ইউ ডি এফৰে মিত্রতাৰ বিৰুদ্ধাচৰণ
কৰি দৃঢ় স্থিতি গ্রহণ কৰা বিষয়টো সম্পর্কত কংগ্রেছৰ শীর্ষ নেতৃত্বলৈ
প্রেৰণ কৰা এখন পত্রত এ আই ইউ ডি এফৰে কংগ্রেছে মিত্রতা নকৰিলেও
খিলঞ্জীয়া অসমীয়া অধ্যুষিত ডিব্রুগড়, যোৰহাট, লখিমপুৰ, তেজপুৰ, গুৱাহাটী
আৰু ডিফু লোকসভা সমষ্টিত কংগ্রেছে ভাল ফল দেখুৱাবলৈ সক্ষম নহ’ব বুলি
উল্লেখ কৰিছে৷ এইক্ষেত্রত উক্ত সমষ্টিকেইটাত কংগ্রেছৰ দুর্বল সাংগঠনিক
স্থিতিৰ বিষয়ে উল্লেখ কৰি উজনি অসমত আহোম আৰু চাহ জনগোষ্ঠীৰ ওচৰত
কংগ্রেছৰ পূর্বৰ জনপ্রিয়তা নাই বুলি প্রকাশ কৰিছে৷

ইয়াৰ বিপৰীতে উক্ত দুই জনগোষ্ঠীৰ মাজত বিজেপি সোমাই পৰিছে৷ জনজাতিসকলৰ ক্ষেত্রতো বিজেপি বর্তমান প্রথম পছন্দৰ দল হিচাপে পৰিগণিত হৈছে৷ দলৰ সাংগঠনিক স্থিতি ইমানেই দুর্বল
হৈ পৰিছে যে গুৱাহাটী মহানগৰ জিলা কংগ্রেছৰ সভাপতিয়েই আজিলৈকে নিযুক্তি
দিব পৰা নাই৷ উক্ত ছটা লোকসভা সমষ্টিত দলৰ বিপর্যয়ৰ আন এক কাৰণ হৈছে
জ্যেষ্ঠ নেতাসকলক উপেক্ষা কৰি অহা৷ এইক্ষেত্রত জ্যেষ্ঠ কংগ্রেছী প্রাক্তন
মন্ত্রী পৃথিৱী মাঝি, টংকবাহাদুৰ ৰাই, অকণ বৰা আদিৰ নামো উল্লেখ কৰিছে৷

ইপিনে আসন্ন লোকসভা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ স্বার্থত ৰাজ্যৰ
কংগ্রেছ নেতৃত্বই বিৰোধী দলসমূহৰ সৈতে মিত্রতা কৰাৰ ক্ষেত্রত বৈষম্যমূলক
নীতি গ্রহণ কৰাৰো অভিযোগ কৰি হাইকমাণ্ডক পত্র দিছে আন একাংশই৷ তেওঁলোকৰ
অভিযোগ– ৰাজ্যৰ বর্তমানৰ কংগ্রেছ নেতৃত্বই অকল অখিল গগৈ নেতৃত্বাধীন
ৰাইজৰ দল, লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অজাপ আৰু বাঁওপন্থী শিবিৰৰ সৈতে
মিত্রতা কৰিয়েই নির্বাচনী বৈতৰণী পাৰ হ’ব বিচাৰিছে৷ অথচ অসমত উক্ত
দলকেইটাৰ এজনো সাংসদ নাই৷ ৰাইজৰ দল আৰু বাঁওপন্থী শিবিৰৰ এজনকৈহে বিধায়ক
আছে৷ ইয়াৰ বিপৰীতে ইতিমধ্যে কংগ্রেছৰ ভোটবেংকত সোমাই পৰা তৃণমূল কংগ্রেছ,
আপৰ সৈতে ভোট বিভাজন ৰোধৰ স্বার্থতে দলে বুজাবুজি কৰাৰ প্রক্রিয়া আৰম্ভ
কৰিব লাগিছিল যদিও এ আই ইউ ডি এফৰ দৰে তৃণমূল কংগ্রেছ, আপকো এলাগী কৰি
চলিছে৷ এনে অৱস্থাত কংগ্রেছ হাইকমাণ্ডে অসমত মিত্রতাৰ ৰাজনীতিৰ ক্ষেত্রত
কেনেদৰে অগ্রসৰ হয়, সেয়াহে লক্ষণীয় হ’ব৷

এই প্রসংগতে উল্লেখনীয় এয়ে যে অসমৰ কংগ্রেছ দলত এই বিসম্বাদৰ ৰাজনীতি পূর্বৰ সভাপতি ৰিপুণ বৰাৰ দিনৰে পৰাই চলি আহিছে৷ ৰিপুণ বৰা প্রদেশ কংগ্রেছৰ সভাপতি হৈ থকা সময়ত এটা চক্রই সঘনাই ৰিপুণ হাটাও অভিযানৰ অংশ হিচাপে হাইকমাণ্ডলৈ নিয়মিত ৰূপত অভিযোগ
দাখিল কৰি আহিছিল৷ সম্প্রতি বর্তমানৰ সভাপতি ভূপেন বৰাৰ ক্ষেত্রতো একেই
অভিযান আৰম্ভ হোৱা দেখা গৈছে৷ লোকসভা নির্বাচনলৈ মাজত মাত্র এটা বছৰ বাকী
থকা অৱস্থাত ৰাজ্যৰ প্রধান বিৰোধী দলটোত নিজৰ ভিতৰতে আৰম্ভ হোৱা
বাদ–বিসম্বাদে দলটোক কি পর্যায়লৈ লৈ যায়, সেয়া সময়তহে ক’ব পৰা যাব৷

You might also like