নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৬ বর্ষৰ ১৫ মার্চত মুকলি হ’ব যোৰহাট–মাজুলী সংযোগী দলং

  • দলং নির্মাণস্থলী পৰিদর্শন কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ
  • দলঙৰ কামত কোনোধৰণৰ গাফিলতি নকৰিবলৈ নির্মাণকাৰী সংস্থাক কঠোৰ সকীয়নি

নিয়মীয়া বাৰ্তা, ১৮ ফেব্রুৱাৰী: বহু প্রত্যাশিত যোৰহাট–মাজুলী সংযোগী দলং ৰাইজৰ বাবে মুকলি হ’ব ২০২৬ বর্ষৰ ১৫ মার্চত৷ আজি এই কথা ঘোষণা কৰিলে কেন্দ্রীয় জাহাজ–বন্দৰ–জলপথ আৰু আয়ুস দপ্তৰৰ মন্ত্রী সর্বানন্দ সোণোৱালে৷ প্রায় দুবছৰৰ মূৰত দুদিনীয়া
ভ্রমণসূচীৰে মাজুলীৰ অফলামুখ ঘাটত উপস্থিত হোৱা কেন্দ্রীয় মন্ত্রীগৰাকীয়ে
দলং নির্মাণস্থলীত উপস্থিত হৈ নির্মাণকার্যৰ বুজ লোৱাৰ লগতে
লোকনির্মাণ বিভাগ আৰু ৰাষ্ট্রীয় ঘাইপথৰ কার্যবাহী অভিযন্তাৰ পৰা সবিশেষ
বুজ লয়৷

উল্লেখ্য যে মাজুলী–যোৰহাট সংযোগী দলং নির্মাণৰ কাম ২০২১ বর্ষত
আৰম্ভ হৈছিল৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে দলঙৰ ২২ নম্বৰ খুঁটাটো নিজে
পর্যবেক্ষণ কৰে৷ সাংবাদিকৰ সৈতে হোৱা বার্তালাপত তেওঁ কয় যে মাজুলীৰ
ৰাইজৰ দীর্ঘদিনীয়া সপোন পূৰণৰ লক্ষ্যৰে এই দলঙৰ নির্মাণ আৰম্ভ কৰা হৈছে
আৰু ইয়াক আগুৱাই নিয়াৰ বাবে আমি সংকল্পবদ্ধ৷ ২০২৬ চনৰ মার্চ মাহৰ ভিতৰত
এই দলংখনৰ নির্মাণ সম্পূর্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ দলং নির্মাণৰ
কাম মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো সঘনাই পর্যালোচনা কৰি আছে৷
তেওঁ কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আশীর্বাদত আমি মাজুলীবাসী ৰাইজে
এই সুযোগ লাভ কৰিছোঁ৷ ভৱিষ্যতৰ দিনত ব্রহ্মপুত্রৰ উত্তৰ আৰু দক্ষিণ পাৰ
সংযোগ কৰি এই দলং যোগাযোগ ব্যৱস্থাত যথেষ্ট অৰিহণা যোগাব৷ মাজুলীবাসী আৰু
যোৰহাটবাসী ৰাইজে দলংখন নির্মাণৰ সকলো দিশত চোকা দৃষ্টি ৰাখিব লাগিব যাতে
দলং নির্মাণত বিলম্ব নহয়৷

 

You might also like