নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেট হাইলাইটঃ মুখ্যমন্ত্ৰী বিকাশ আৰু নিয়োগ আঁচনিৰ অধীনত যুৱ আয়োগ গঠন

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি অসম বিধানসভাত দাখিল কৰে সাধৰাণ বাজেট।

১।  গুৱাহাটী বিশ্ববিদ্যালয়ত ষ্টাৰ্ট-আপ ইক’ছিষ্টেমৰ বাবে ২৫ কোটি টকা। অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়লৈ ১৫ কোটি টকা। অসম কৃষি বিশ্ববিদ্যালয়লৈ অধীনস্থ ৯ খন মহাবিদ্যালয় উন্নীতকৰণৰ বাবে ২৫ কোটি টকা। আন্তঃগাঁথনি বৃদ্ধিৰ বাবে টাটা সমাজ বিজ্ঞান প্ৰতিষ্ঠান (TISS) লৈ ১৫ কোটি টকা। হাফলং মহাবিদ্যালয়ত বিজ্ঞান ব্লক নিৰ্মাণৰ বাবে ১০ কোটি টকা।

২। মুখ্যমন্ত্ৰী বিকাশ আৰু নিয়োগ আঁচনিৰ অধীনত যুৱ আয়োগ গঠন। প্ৰাৰ্থীসকলক সৰ্বভাৰতীয়/ৰাজ্যিক/অসামৰিক সেৱা/এছ এছ চি/ বেঙ্কিং/ বীমা খণ্ড/ পি এছ ইউ/ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত নিযুক্তিৰ ক্ষেত্ৰত উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

৩। বিশ্বমানৰ সংহত ব্যৱসায়িক ক্ষেত্ৰ হিচাপে মহানগৰ-অমৃত-গুৱাহাটী সংহত গোলকীয় মহানগৰ (Amrit GiG City) গঢ় দিয়া হ’ব। ভৱিষ্যৎ প্ৰজন্মৰ উদ্যোগীৰ বাবে ১০০০ একৰ সামৰি বৃহৎ এলেকাত অত্যাধুনিক আন্তঃগাঁথনিৰে এই প্ৰকল্প বিকাশ কৰা হ’ব।

You might also like