নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেট হাইলাইটঃ দুধনৈ আৰু পলাশবাৰীত নতুন আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপনৰ লক্ষ্য

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত আজি দাখিল কৰিছে ২০২২-২৩ বৰ্ষৰ বাবে ৰাজ্যখনৰ সাধাৰণ বাজেট।

১। আই আই টি গুৱাহাটীত এখন ছুপাৰ-স্পেচিয়েলিটী চিকিৎসালয়ৰ লগতে শিৱসাগৰ, কৰিমগঞ্জ আৰু গোৱালপাৰাত তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ। ধেমাজি, বঙাইগাঁও, মৰিগাঁও, গোলাঘাট আৰু তামুলপুৰত চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য এই বছৰত আৰম্ভ হ’ব।

২। বৰপেটা, শিলচৰ, ডিফু, যোৰহাট, তেজপুৰ আৰু লখিমপুৰৰ জিলা চিকিৎসালয়সমূহক ৩,৭৯৮ কোটি টকা ব্যয়সাপেক্ষে ছুপাৰ-স্পেচিয়েলিটী হাস্পতাললৈ উন্নীতকৰণ। চেৰিব্ৰেল পালছি ৰোগত ভুগি থকা শিশুসকলৰ বাবে পুনৰ্সংস্থাপন ব্যয় হেতু স্নেহস্পৰ্শ প্লাছ আঁচনি।

৩। ৰাজ্যখনত ১০০০টা বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ স্থাপন আৰু ২০০টা উপ-কেন্দ্ৰৰ উন্নীতকৰণৰ দ্বাৰা প্ৰাথমিক স্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণ। দুধনৈ আৰু পলাশবাৰীত নতুন আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপন কৰা হ’ব। প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত এখনকৈ বি এছ চি নাৰ্ছিং কলেজ/জি এন এম নাৰ্ছিং স্কুল স্থাপন।

৪। পৰৱৰ্তী প্ৰজন্মৰ ভূমি সম্পৰ্কীয় সেৱাৰ বাবে মিছন বসুন্ধৰা ২.০ আৰম্ভ। এই পদক্ষেপে সঠিক মালিকৰ পৰা ভূমি ৰাজহ প্ৰাপ্ত কৰাত সহায় কৰিব।

৫। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অৱসৰৰ পাছৰ সকলো লাভালাভ নিশ্চিত কৰা হ’ব। একক উইণ্ডো ইণ্টাৰফেচৰ জৰিয়তে জি পি এফ, গ্ৰেচুইটি, লীভ এনকেছমেণ্ট আৰু জি আই এছ পৰিশোধ।

৬। অসম বীজ নিগম পৰিসীমিত আৰু কৃষি সঞ্চালকালয়ৰ অধীনত ১০ কোটি টকা আবণ্টনৰ সৈতে ৪০খন বীজ পাম।

৭। প্ৰাকৃতিক কৃষি পদ্ধতিৰ প্ৰচাৰৰ বাবে ব্যাপক প্ৰশিক্ষণ আৰু প্ৰদৰ্শনৰ প্ৰস্তাৱ। ২০২৩ চনটো আন্তৰ্জাতিক মৰুৱা ধান বৰ্ষ হিচাপে উদযাপন কৰা হ’ব। পশুখাদ্য মিছন স্থাপনৰ প্ৰস্তাৱ।

৮। ১,০০০ মেগাৱাটৰ বৰ্ধিত ক্ষমতাৰ সৈতে সৌৰ শক্তি উৎপাদন প্ৰকল্পৰ দ্বাৰা শক্তি উৎপাদন বৃদ্ধি কৰিবলৈ মুখ্যমন্ত্ৰী সৌৰশক্তি প্ৰকল্পৰ অধীনত ৪,০০০ কোটি টকা ধাৰ্য কৰা হৈছে।

৯। অসমৰ ছখন বিশ্ববিদ্যালয়— মাজুলী বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, বীৰাংগনা সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়লৈ ৫০ কোটি টকাকৈ নিডা (NIDA) পুঁজি।

১০। শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাঁও মহাবিদ্যালয়, জগন্নাথ বৰুৱা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব। ইয়াৰ মূলধন ব্যয়ৰ বাবে সাহায্যমূলক অনুদান হিচাপে প্ৰতিখন মহাবিদ্যালয়লৈ ১০ কোটি টকা আগবঢ়োৱা হ’ব।

You might also like