নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন ৰূপেৰে শক্তিশালী ৰূপত আহি আছে Bajaj Pulsar NS200! চাওক ভিডিঅ’

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ যুৱ প্ৰজন্মৰ জনপ্ৰিয় বাইক বাজাজ পালচাৰ NS200!  ন ৰূপত আহি আছে। সদ্যহতে বাজাজ কোম্পানীয়ে পালচাৰক লৈ এটি সৰু টিজাৰ মুকলি কৰিছে। বিএইচ ৬ ইঞ্জিনৰ সৈতে ১৯৯.৫ চিচি ক্ষমতাৰ সৈতে এটা চিলিণ্ডাৰ প্ৰয়োগ কৰা হৈছে। নতুন পালচাৰ খনে ২৪ এইচ পি শক্তি আৰু ১৮.৫ এনএম টৰ্ক উৎপাদন কৰিব পাৰিব। লগতে নতুন বাইক খনত ৬ স্পীড গ্ৰিয়েৰ বক্স সংযুক্ত হৈ থাকিব।
কেৱল নতুন ইঞ্জিনেই নহয় নতুন ৰঙৰ সৈতে নতুন ফ্ৰেম, বডী পেনেল আৰু নতুন ষ্টিকাৰৰ সৈতে বজাৰত উপলব্ধ হ’ব।
ভাৰতীয় বজাৰত নতুন পালচাৰ বাইক খনৰ মূল্য এতিয়াও নিৰ্ধাৰণ হোৱা নাই যদিও বজাৰ বিশ্লেষকসকলৰ মতে দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

You might also like