নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউডত ড্ৰাগছঃ এন চি বিৰ নজৰত ‘D’ দীপিকা পাদুকন, ‘K’ কৰীশ্মালৈ চমন…

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্য়ুৰ আঁৰৰ দৃশ্যপট পোহৰলৈ আহি আছে ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰৰ পিছৰ পৰা। কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে ওলাই আছে নামী-দামী অভিনেত্ৰীৰ নাম।

এইবাৰ নাৰ্কোটিকছ কণ্ট্ৰোল ব্যুৰোৱে চমন পঠিয়াবলৈ সাজু হৈছে অভিনেত্ৰী দীপিকা পাদুকনক। ছাৰা আলী খান আৰু শ্ৰদ্ধা কাপুৰ সংস্থাটোৰ নজৰত পৰাৰ পিছত কালি নিশাৰ ভাগত দীপিকা পাদুকনৰ নামো পোহৰলৈ আহে। এই সপ্তাহতে চমন পঠোৱাৰ সম্ভাৱনা আছে অভিনেত্ৰীগৰাকীক।

পাদুকনৰ মেনেজাৰ কৰীশ্মা প্ৰকাশক ইতিমধ্যে চমন পঠিয়াইছে এন চি বিয়ে। কৰীশ্মা প্ৰকাশৰে সম্পৰ্ক আছিল ৰিয়া চক্ৰৱৰ্তীৰ মেনেজাৰ জয়া সাহাৰ। দুয়োগৰাকী মেনেজাৰে একেজন মাদক দ্ৰব্য সৰবৰাহকাৰীৰৰ পৰা গাঞ্জা, চিবিডি অইল, এম ডিৰ দৰে একাধিক নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰিছিল।

আনহাতে ২০১৭ৰ এটা হোৱাটছএপ চাটিঙত থকা K আৰু Dৰ চাটিঙৰ পম খেদি এন চি ডিয়ে উদ্ধাৰ কৰে যে K মানে কৰীশ্মা প্ৰকাশ আৰু D মানে বলীউডৰ খ্যাতিমান অভিনেত্ৰী দীপিকা পাদুকন। উক্ত চনতে দীপিকা পাদুকনৰ এখন ছবি বিশেষভাৱে ভাইৰেল হৈছিল, এটা পান্থশালাৰ পৰা এগৰাকী ডেকা বন্ধুৰ লগত ওলাই আহিছিল দীপিকা।

গতিকে এন চি বিয়ে এইক্ষেত্ৰত নিশ্চিত হৈছে যে বলীউডত মাদক দ্ৰব্যৰ যি পয়োভৰ, তাত দীপিকা পাদুকনো হৈ আছে এক অংশ। অনতিপলমে দীপিকা পাদুকনক সোধা-পোছা কৰিব বুলি জানিব পৰা গৈছে সংস্থাটোৱে। ধাৰণা কৰা হৈছে ইয়াৰ পিছত আৰু কিছু ৰৌ-বৰালি এন চি বিৰ নজৰলৈ আহি যাব পাৰে।

You might also like