নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ নতুন মুখ্য নির্বাচন আয়ুক্তৰ দায়িত্ব ল’লে ৰাজীৱ কুমাৰ

নিয়মীয়া বাৰ্তা, ১৬ মে’: দেশৰ নতুন মুখ্য নির্বাচন আয়ুক্ত হিচাপে দেওবাৰে দায়িত্ব গ্রহণ কৰিছে ৰাজীৱ কুমাৰে৷ বিদায়ী মুখ্য নির্বাচন আয়ুক্ত সুশীল চন্দ্রাই কালি কার্যকাল সম্পূর্ণ হোৱাৰ লগে লগে ৰাজীৱ কুমাৰৰ হাতত এই দায়িত্ব অর্পণ কৰে৷ ১৯৮৪ বেটচৰ ভাৰতীয় প্রশাসনিক বিষয়া ৰাজীৱ কুমাৰে ইয়াৰ পূর্বে কেন্দ্রীয় তথা ৰাজ্যিক পর্যায়ত বিভিন্ন মন্ত্রালয়ত সেৱা আগবঢ়াইছিল৷ কেন্দ্রীয় চৰকাৰৰ অধীনস্থ কেইবাটাও মন্ত্রালয়ৰ উপৰি বিহাৰ আৰু ঝাৰখণ্ডত প্রশাসনিক বিষয়াৰ দায়িত্ব পালন কৰিছিল কুমাৰে৷

লক্ষণীয়ভাৱে পৰিৱেশ আৰু বন, মানৱ সম্পদ, বিত্ত তথা বেংকিং ছেক্টৰতো বিভিন্ন পদত সেৱা আগবঢ়োৱাৰ দীর্ঘদিনীয়া অভিজ্ঞতা আছে ৰাজীৱ কুমাৰৰ৷ ৬২ বছৰ বয়সীয়া ৰাজীৱ কুমাৰে ২০২৪ চনৰ লোকসভা নির্বাচনৰ উপৰি হিমাচল প্রদেশ, গুজৰাট, ৰাজস্থান, ছত্তীশগড়, মধ্যপ্রদেশ, কর্ণাটক, তেলেংগানা, ত্রিপুৰা, মেঘালয়, মিজোৰাম আৰু জম্মু–কাশ্মীৰ বিধানসভা নির্বাচনৰ বিভিন্ন দিশ চোৱাচিতা কৰিব৷ ২০১৭ৰ ছেপ্ঢেম্বৰৰ পৰা ২০২০ চনৰ ফেব্রুৱাৰী মাহলৈকে দেশৰ বিত্ত সচিবৰ দায়িত্ব পালন কৰিছিল কুমাৰে৷ স্মর্তব্য যে ৰাজীৱ কুমাৰ হৈছে দেশৰ নির্বাচন আয়োগৰ ২৫সংখ্যক মুখ্য নির্বাচন আয়ুক্ত৷

You might also like