নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ঘণ্টাৰ ভিতৰতে আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ

বিশেষ বাৰ্তা, ১৬ মেঃ ২৪ ঘণ্টা পাৰ নৌহওঁতেই আমেৰিকাত বন্দুকধাৰীৰ আন এক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। দেশখনত ১০ জনৰ নাৰকীয় হত্যাৰ ঘটনাই তোলপাৰ লগাইছে। শনিবাৰৰ পাছত দেওবাৰে পুণৰ একেই আক্ৰমণৰ ঘটনাই আকৌ আতংকৰ সৃষ্টি কৰিছে। দেওবাৰে নিশা আমেৰিকাৰ দুই পৃথক স্থানত বন্দুকধাৰীৰ আক্ৰমণত প্রাণ হেৰুৱালে আন তিনিজন সাধাৰণ মানুহে। সংবাদ সূত্রই সদৰি কৰা অনুসৰি, আমেৰিকাৰ লছ এঞ্জেলেছ আৰু টেক্সাছত আততায়ীয়ে আক্ৰমণ চলায়। লছ এঞ্জেলেছৰ এটা গীর্জাৰ সম্মুখত বন্দুকধাৰীৰ আক্ৰমণত প্রাণ যায় এজন লোকৰ। আহত হৈছে আন চাৰিজন। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আনপিনে, টেক্সাছৰ বজাৰত আক্ৰমণ চলাইছে এজন দুষ্কৃতীকাৰীয়ে। সেই ঘটনাত একাধিক লোক আহত হৈছে। ঘটনাস্থলীতে মৃত্যু হৈছে দুজনৰ। বাকীসকলক হাস্পাতালত ভর্তি কৰোৱা হৈছে।

You might also like