নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশবাসীৰে সম্পর্ক স্থাপন কৰিবলৈ কংগ্রেছে আৰম্ভ কৰিব ‘ভাৰত জোড়ো’ পদযাত্রা

নিয়মীয়া বাৰ্তা, ১৬ মে’: ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত কংগ্রেছৰ তিনিদিনীয়া চিন্তন শিবিৰৰ অন্তিম দিনা দলটোৰ অন্তর্ৱর্তী সভানেত্রী ছোনিয়া গান্ধীয়ে ঘোষণা কৰে যে আগন্তুক ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্মদিনৰ পৰাই কংগ্রেছে ‘ভাৰত জোড়ো’ পদযাত্রা আৰম্ভ কৰিব৷ দেশজুৰি জনতাৰ সৈতে সম্পর্ক স্থাপনৰ বাবে এই পদযাত্রা আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰিছে নেত্রীগৰাকীয়ে৷ ইয়াৰ উপৰি ছোনিয়া গান্ধীয়ে কয় যে ভাৰতজোৰা এই কর্মসূচীৰ জৰিয়তে দলক পুনৰ উদ্ধাৰৰ সংকল্প গ্রহণ কৰা হৈছে৷

পৰৱর্তী সময়ত কংগ্রেছ পুনৰ শক্তিশালী হ’ব বুলিও ঘোষণা কৰে ছোনিয়া গান্ধীয়ে৷ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ এই পদযাত্রাৰ উপৰি আগন্তুক ১৫ জুনৰ পৰা জনজাগৰণ অভিযান আৰম্ভ কৰিব কংগ্রেছে৷ বর্তমান কংগ্রেছ অতি দুর্যোগপূর্ণ সময়ৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি নেত্রীগৰাকীয়ে কয় যে এই দুর্যোগ এদিন নোহোৱা হ’ব৷ জনজাগৰণ অভিযানৰ সৈতে মানুহক যুক্ত কৰাৰ উপৰি দেশজুৰি আৰম্ভ কৰিবলগীয়া পদযাত্রাতো সকলোকে সংগঠিত কৰা হ’ব বুলি উল্লেখ কৰে নেত্রীগৰাকীয়ে৷ ১৯৪২ চনত কংগ্রেছে ভাৰত ত্যাগ আন্দোলন চলাইছিল৷ সেই কথা মনত ৰাখি এইবাৰ দেশবাসীক দলৰ সৈতে যুক্ত কৰাৰ বাবে আৰম্ভ কৰিব পদযাত্রা৷

You might also like