নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত বিদুৎ বিভাগৰ মৰণফান্দ; বাঁহৰ খুঁটাৰে বিদ্যুৎ সৰবৰাহ

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ জোনাইত মানুহ, পশুধনৰ জীৱনক লৈ হেতালি বিদ্যুৎ বিভাগৰ৷ মহকুমাটোৰ প্ৰান্তে প্ৰান্তে জোনাই বিদ্যুৎ বিভাগে পাতিছে মানুহ, জীৱ জন্তুৰ মৰণফান্দ৷ জোনাই বিদ্যুৎ বিভাগৰ চৰম হেমাহিত যিকোনো সময়মতে ঘটিব পাৰে ভয়ংকৰ অঘটন৷

জোনাইৰ জেলম চুক গাঁৱত যোৱা প্ৰায় দুমাহৰ পূৰ্বে ধমুহাত ভাঙিছিল এডাল বিদ্যুতৰ খুঁটা৷ ফলত বিদ্যুতৰ তাৰ বিপদজনক ভাৱে ওলমি থকাত ভঙা খুঁটাতো সলাই দিবলৈ বাৰম্বাৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক কোৱাৰ পিচতো কাণহাৰ নিদিয়াত মানুহ গৰু ছাগলী বিদ্যুৎ স্পৃষ্ট হোৱাৰ আশংকাত ৰাইজে নিজেই লগালে এডাল বাঁহৰ খুঁটা৷ তেনেদৰে পুৰণা জেলম প্ৰাথমিক বিদ্যালয় কাষতো জোনাই বিদ্যুৎ বিভাগে ফাতিছে এক মৰন ফান্দ৷ বিভাটোৱে চৰম হেমাহিৰে এডাল বাহৰ খুঁটাৰে বিদ্যুৎ সৰবৰাহ কৰাত সংকিত হৈ পৰিছে স্থানীয় ৰাইজে৷ কাৰণ যিকোনো মূহুৰ্তত গৰু বা বতাহত বাহৰ খুঁটা পৰি বিদ্যুৎ স্পৃষ্ট হব পাৰে মানুহৰ লগতে পশুধনৰ৷

উল্লেখ্য যে অঞ্চলটোৰ কেবাঠাইতো বিপদজনক গছ, বাঁহৰ মাজেৰে বিদ্যুৎ সৰববাহ কৰাত আতংকিত হৈ পৰিছে অঞ্চটোৰ ৰাইজে৷ অৱশ্যে জোনাইত এয়া উদাহৰণহে৷ কাৰণ বিভাগটোৰ চৰম হেমাহি কিম্বা মানুহ, জন্তুৰ জীৱনক লৈ হেতালি খেলা এনে বিপদজনক দৃশ্য প্ৰান্তে প্ৰান্তে সুলভ হৈ পৰিছে জোনাইত৷

You might also like