নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰী উৰণ সেতুত ফাট; দুর্ঘটনাৰ আশংকা

নিয়মীয়া বার্তা, ২৬ মে’: জালুকবাৰী উৰণ সেতুত বৃহৎ ফাট মেলা পৰিলক্ষিত হৈছে৷ সদাব্যস্ত উৰণ সেতুত যিকোনো মুহূর্তত ভয়ংকৰ দুর্ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় লোকে৷ উৰণ সেতুৰ দেৱালত ফাট মেলাৰ লগতে উৰণ সেতুত বৃহৎ গাঁতৰ সৃষ্টি হৈছে৷ ফলত কামৰূপ মহানগৰ জিলা প্রশাসনে উৰণ সেতুৰ গাঁত হোৱা অংশত বেৰিকেট লগাই বন্ধ কৰি দিছে৷ যদিহে শীঘ্রে উৰণ সেতুৰ ভগ্ণ অংশ মেৰামতি নকৰে, তেন্তে ভয়ংকৰ দুর্ঘটনাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় লোকে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীলৈ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা এই উৰণ সেতুৰে শ শ যান–বাহন চলাচল কৰে৷

You might also like