নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গীতানগৰ থানাত একাঁঠু পানী: আৰক্ষীৰ তৎপৰতাত ৰক্ষা নথিপত্র

নিয়মীয়া বার্তা, ২৬ মে’: বুধবাৰে পুৱাৰ বৰষুণত মহানগৰীত কৃত্রিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰে৷ মহানগৰীৰ অনিল নগৰ, নবীন নগৰ, হাতীগাঁও, চানমাৰি, গুৱাহাটী ক্লাব আৰু ভঙাগড়কে ধৰি কৃত্রিম বানে গুৱাহাটীৰ ন ন অঞ্চল বুৰাই পেলায়৷ পুৱাৰ কৃত্রিম বানে মহানগৰবাসীৰ যাতায়াত ব্যৱস্থা বিঘ্ণিত কৰাৰ লগতে বহু যান–বাহন ৰাজপথত আবদ্ধ হৈ পৰে৷ ইপিনে, পুৱাৰ বৰষুণৰ পানীয়ে গীতানগৰ থানা চৌহদ বুৰাই পেলোৱাৰ লগতে বহু আচবাব আৰু সামগ্রীৰ বিস্তৰ ক্ষতিসাধন কৰে৷ কৃত্রিম বানত ডুব যোৱা থানাৰ ভিতৰত আৰক্ষীৰ জোৱানসকলে থানাৰ নথিপত্র আৰু কেছ ডায়েৰীৰ লগতে অন্যান্য সামগ্রী ৰক্ষাৰ বাবে পানী সিঁচা পৰিলক্ষিত হয়৷ থানাৰ ভিতৰৰ প্রতিটো কোঠাত পানী সোমোৱাৰ বাবে কাম–কাজ পৰিচালনাত আৰক্ষী বিষয়াসকল আহুকালৰ সন্মুখীন হয়৷ অৱশ্যে গীতানগৰ থানাত আৰক্ষী জোৱানসকলে সুদীর্ঘ সময় পানী সিঁচি কৃত্রিম বানৰ কবলৰ পৰা থানাৰ আচবাব আৰু মূল্যৱান নথিপত্র সুৰক্ষা কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে দীর্ঘদিন ধৰি গীতানগৰ থানা এটা ভাৰাঘৰত চলি আছে৷ ইয়াৰ পূর্বেও কেইবাবাৰো থানা চৌহদত পানী সোমোৱাৰ লগতে বহু ফাইল আৰু আচবাব নষ্ট হৈছে৷ অতি ঠেক আৰু জৰাজীর্ণ ভাৰাঘৰত আৰক্ষীয়ে দীর্ঘদিন ধৰি থানাৰ কাম–কাজ চলাই অহাৰ পাছতো চৰকাৰে গীতানগৰ থানাৰ স্থায়ীগৃহ নির্মাণৰ ক্ষেত্রত ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

You might also like