নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ তেল ডিপ’ত নিৰ্ধাৰিত পৰিমাণতকৈ কমকৈ পেট্ৰ’ল দিয়াৰ অভিযোগ

নিয়মীয়া বার্তা, ২৬ মে’: নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত থকা তেল ডিপ’ সমূহৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ অহাৰ সময়তে শেহতীয়াকৈ নলবাৰীৰ চহৰৰ চ’ক বজাৰস্থিত ডেকা চাৰ্ভিচ ষ্টেচন নামৰ পেট্ৰ’ল ডিপ’টোৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ভাৰত পেট্ৰ’লিয়ামৰ অধীনৰ এই পেট্ৰ’ল ডিপ’টোত মঙলবাৰে বিয়লি এজন গ্ৰাহকক নিৰ্ধাৰিত পৰিমাণতকৈ কমকৈ পেট্ৰ’ল দিয়াক লৈ ডিপ’টোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পেট্ৰ’ল ডিপ’টোত এজন যুৱকে বাইকত দুশ দহ টকাৰ তেল ভৰাবলৈ আহিছিল যদিও তেল ভৰোৱাৰ পিছত যুৱকজনৰ সন্দেহ হোৱাত তেল কমকৈ দিয়াৰ অভিযোগ উত্থাপন কৰে। ডিপ’টোৰ সংশ্লিষ্ট কৰ্মচাৰীজনে চতুৰালিৰে বাইক আৰোহীজনক ডেৰ লিটাৰ তেলো নিদিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। লগে লগে এই যুৱকজনে ঘটনাস্থলীত উপস্থিত থকা আন একাংশ গ্ৰাহকৰ সহযোগত বাইকখনৰ টেঙ্কিৰ পৰা তেল উলিয়াই কৰ্মচাৰীজনক জুখিবলৈ বাধ্য কৰায়। তেতিয়াই ওলাই পৰে উৰহি গছৰ ওৰ।বাইকখনৰ পৰা ডেৰশমান টকাৰহে তেল ওলোৱাত গ্ৰাহকসকল জাঙুৰ খাই উঠে। তেল ডিপ’টোত থকা আন একাংশ গ্ৰাহকেও তেল ডিপ’টোৱে গ্ৰাহকক কমকৈ তেল দিয়াৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ জনায়। ইপিনে , উক্ত কাণ্ড সন্দৰ্ভত যুৱকজনে লগে লগে জিলা উপায়ুক্তক গীতিমণি ফুকনকো ফোনযোগে অৱগত কৰে বুলি জনা গৈছে। ইতিমধ্যে বিষয়টোৱে সামাজিক মাধ্যমতো ব্যাপক চৰ্চা লাভ কৰিছে। উক্ত তেল ডিপ’টোত ইয়াৰ পূৰ্বেও গ্ৰাহকৰ ক্ষেত্ৰত তেল কমকৈ পোৱা বুলি অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী গ্ৰাহকসকলে বিষয়টো অনুসন্ধান কৰাৰ বাবে উৰ্ধতন কৰ্তৃপক্ষক দাবী জনাইছে। ইপিনে, এক সূত্ৰে জনা মতে, ডিপ’টোৰ সংশ্লিষ্ট কৰ্মচাৰীজনক কৰ্তৃপক্ষই কামৰ পৰা অব্যাহতি দিছে বুলি জানিব পৰা গৈছে।।।
You might also like