নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰ কলেজৰ একাউণ্টৰ পৰা ৭৬ লাখ হৰলুকী

নিয়মীয়া বাৰ্তা, ৬ মেঃ বেংক প্রৱঞ্চনাৰ বলি হৈছে ৰাজ্যৰ আগশাৰীৰ শৈক্ষিক প্রতিষ্ঠান দিছপুৰ মহাবিদ্যালয়৷ গুৱাহাটীৰ শিক্ষানুষ্ঠানখনৰ একাউণ্টৰ পৰা হৰলুকী হৈছে ৭৬,৩৪,৯০০ টকা৷ বেংক অৱ বৰোডাৰ দিছপুৰ শাখাত থকা মহাবিদ্যালয়খনৰ একাউণ্টৰ পৰা কলকাতাৰ এটা বেচৰকাৰী সংস্থাৰ নামত এই বৃহৎ ধনৰাশি স্থানান্তৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ এই সন্দর্ভত দিছপুৰ আৰক্ষী থানাত মহাবিদ্যালয় কর্তৃপক্ষই দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি মহাবিদ্যালয়খনৰ অধ্যক্ষৰ স্বাক্ষৰ, পেড আৰু চেক জালিয়াতি কৰি এই ধনৰাশি পশ্চিমবংগৰ ২৪ পৰগনাৰ ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ বৰনগৰ শাখালৈ স্থানান্তৰিত কৰা হৈছে৷ জাতীয় কম্পিউটাৰ সাক্ষৰতা মিছন নামৰ এটা সংস্থাক দান আগবঢ়োৱা বুলি দেখুওৱা হৈছে এই ধনৰাশি৷ লক্ষণীয়ভাৱে এই বৃহৎ পৰিমাণৰ ধন বৰনগৰৰ ইউনিয়ন বেংক অৱ ইণ্ডিয়ালৈ স্থানান্তৰিত কৰাৰ পূর্বে বেংক অৱ বৰোডাই মহাবিদ্যালয় কর্তৃপক্ষৰ কোনোধৰণৰ অনুমতি লোৱা নাছিল৷

এজাহাৰত উল্লেখ কৰা অনুসৰি যোৱা ৪ মে’ত মহাবিদ্যালয়খনৰ অধ্যক্ষলৈ এই ধনৰাশি স্থানান্তৰ কৰাৰ বাবে অনুমতি বিচাৰি এটা ই–মেইল প্রেৰণ কৰা হৈছিল৷ কিন্তু ই–মেইলটো লাভ কৰাৰ পাছত অধ্যক্ষই কোনোধৰণৰ নিশ্চিতি প্রদান নকৰাকৈয়ে বেংক অৱ বৰোডাৰ দিছপুৰ শাখাই ধনৰাশি স্থানান্তৰতি কৰিছিল৷ তদুপৰি দিছপুৰ মহাবিদ্যালয়ৰ ফালৰ পৰা যোৱা ১৯ এপ্রিলত দীপু ভৱাল নামৰ এজন ব্যক্তিক ৩,৮০০ টকা প্রদানৰ বাবে ০০৫৯৭১ নম্বৰৰ এখন চেক প্রদান কৰা হৈছিল৷ এই চেক নম্বৰ জালিয়াতি কৰি যোৱা ২০ এপ্রিলত আন এখন চেক প্রদান কৰা দেখুৱাই বেংকটোৰ ফালৰ পৰা স্থানান্তৰিত কৰা হৈছিল ৭৬,৩৪,৯০০ টকা৷

পৰৱর্তী সময়ত বেংক অৱ বৰোডাৰ দিছপুৰস্থিত শাখালৈ এই বিষয়টো সন্দর্ভত স্পষ্ট হ’বলৈ যোৱাৰ পাছত মহাবিদ্যালয়খনৰ অধ্যক্ষই ধনৰাশি অবৈধভাৱে স্থানান্তৰ হোৱাৰ তথ্য লাভ কৰে৷ লগে লগে তেওঁ দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ যাৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৪০৯/৪৬৭/৪৬৮/৪২০/৪৭১ ধাৰাৰ অধীনত ১০৯৯/২০২২ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে৷ গোচৰটো ৰুজু হোৱাৰ পাছতে আৰক্ষী মহাবিদ্যালয়খনত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ নৱজ্যোতি বৰাই অবৈধভাৱে এই ধনৰাশি স্থানান্তৰিত কৰাৰ ক্ষেত্রত বেংক কর্মচাৰী জড়িত থকাৰ সন্দেহ প্রকাশ কৰিছে৷ অৱশ্যে কেনেদৰে দিছপুৰ মহাবিদ্যালয়ৰ একাউণ্টৰ পৰা উক্ত ধনৰাশি কলকাতাৰ সংস্থাটোলৈ স্থানান্তৰিত হ’ল, সেয়া আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব৷

You might also like