নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰত স্বাধীনতা আন্দোলনৰ শ্বহীদক অপমানঃ আৰক্ষী বিষয়া আনন্দ মিশ্রক গৰিহণা দল–সংগঠনৰ

নিয়মীয়া বাৰ্তা, ৬ মেঃ গহপুৰত বুট জোতাৰে শ্বহীদ কনকলতা, মুকুন্দ কাকতিৰ প্রতিমূর্তিৰ বেদীত ফটো উঠি ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে চর্চাত থকা আহ পি এছ বিষয়া আনন্দ মিশ্র৷ ছ’চিয়েল মিডিয়াত বিভিন্নজনে ব্যাপক গৰিহণা দিছে বিষয়াগৰাকীক৷

উল্লেখ্য যে বুধবাৰে আনন্দ মিশ্রৰ নেতৃত্বত অহা অসম আৰক্ষীৰ বাহক ৰাহডার্ছ দলটোৱে ঐতিহ্যমণ্ডিত গহপুৰ থানাত খন্তেক জিৰণি লোৱাৰ পাছতে গহপুৰৰ বৰপুখুৰীস্থিত অসমীয়াৰ আৱেগ–স্বাভিমানৰ প্রতীক শ্বহীদ কনকলতা, মুকুন্দ কাকতি উদ্যান প্রত্যক্ষ কৰে৷ উক্ত স্থানতে দুয়োগৰাকী শ্বহীদৰ প্রতিমূর্তিৰ বেদীত জোতা পিন্ধি ফটো উঠা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে সমালোচনাৰ সন্মুখীন হৈছে আহ পি এছ বিষয়াগৰাকী৷

সেই দুগৰাকী শ্বহীদৰ প্রতিমূর্তিৰ কাষত সেৱা–প্রণাম জনোৱাৰ বিপৰীতে দলে–বলে ফটো প’জ দিয়াতহে ব্যস্ত হৈ পৰিল বাহক ৰাইডার্ছৰ লগতে গহপুুুৰৰ আৰক্ষী৷ এফালে আৰক্ষী বিষয়া আনন্দ মিশ্রক সমালোচনা কৰাৰ সমান্তৰালকৈ গহপুুুৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্তকো ক্ষুৰধাৰ সমালোচন কৰিছে গহপুুুৰ মহকুমাৰ বিভিন্ন দল–সংগঠনে৷ এইক্ষেত্রত প্রতিক্রিয়া প্রকাশ কৰিছে শ্বহীদ কনকলতা বৰুৱাৰ পৰিয়ালেও৷ বিশ্বনাথ জিলা ছাত্র সন্থা, গহপুুুৰ মহকুমাৰ, আঞ্চলিক ছাত্র সন্থাৰ লগতে বিশ্বনাথ জিলা আটছাৰ সম্পাদক নীলোৎপল ৰবিদাস, বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্র সন্থাৰ সম্পাদক বিপুল হীৰাকে ধৰি জাতীয় দল–সংগঠনে আনন্দ মিশ্রৰ লগতে গহপুুুৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্তৰ এনে অবাঞ্ছিত কার্যক তীব্র ভাষাৰে গৰিহণা দিছে৷

You might also like