নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাগাঁৱত ৰাজপথত বাগৰিল মাটিভর্তি ডাম্পাৰ

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ আৰক্ষী আৰু বন বিভাগক মেনেজ কৰি মহানগৰীত পুনৰ আৰম্ভ হৈছে ব্রহ্মপুত্রৰ বালি–মাটিৰ অবৈধ বেহা৷ মহানগৰীৰ সমীপৱর্তী মালিগাঁও, আজ্ঞাঠুৰী আদিত ব্রহ্মপুত্রৰ দাঁতিত অবৈধভাৱে বালি–মাটি খান্দি শ শ ডাম্পাৰেৰে চালানবিহীনভাৱে মহানগৰীৰ বিভিন্ন অঞ্চললৈ সৰবৰাহ কৰি আছে৷

নিশা দহ বজাৰ পৰা পুৱা ৮ বজালৈ তীব্র বেগেৰে চলাচল কৰা এই ডাম্পাৰসমূহ অন্য বাহনৰ বাবে এক আতংকৰ কাৰক হৈ পৰিছে৷ আজি পুৱতিনিশা আমিনগাঁৱৰ পৰা ব্রহ্মপুত্রৰ বালি–মাটি কঢ়িয়াই ৩৭নং ৰাষ্ট্রীয় ঘাইপথেৰে তীব্র বেগেৰে অহা এ এছ–২৫ চি চি–৬৮৪১ নম্বৰৰ ডাম্পাৰখনে নিয়ন্ত্রণ হেৰুৱাই ৰাজপথতে বাগৰি পৰা ঘটনাই খৰালিৰ অনাগত দিনকেইটাত তীব্র বেগী ডাম্পাৰে যে ৰাজপথত কেনে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিব, তাৰ ইংগিত দিছে৷ উল্লেখ্য যে খৰালি আৰম্ভ হোৱাৰ লগে লগে আৰক্ষী আৰু বন বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি মহানগৰীত আৰম্ভ হয় ব্রহ্মপুত্রৰ বালি–মাটিৰ অবৈধ বেহা৷

আমিনগাঁও, আজ্ঞাঠুৰী আদিত এক্সকেভেটৰৰ সহায়ত ব্রহ্মপুত্রৰ য’তে–ত’তে মাটি খান্দি ডাম্পাৰত ভৰাই গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইলৈ চালান দিয়ে৷ বন বিভাগৰ অনুমতি অবিহনে এইদৰে ব্রহ্মপুত্রৰ মাটি খান্দি বিক্রী কৰি ডাম্পাৰৰ মালিকসকলৰ পকেট গৰম হোৱাৰ বিপৰীতে চৰকাৰে লাখ লাখ টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে৷ আজি পুৱতিনিশা দুর্ঘটনাত পতিত হোৱা ব্রহ্মপুত্রৰ বালি–মাটি কঢ়িওৱা ডাম্পাৰখনৰো চালান নথকা বুলি জানিব পৰা গৈছে৷ মন কৰিবলগীয়া যে ৩১নং ৰাষ্ট্রীয় ঘাইপথেৰে শৰাইঘাট দলং হৈ গুৱাহাটী মহানগৰ আৰু ৩৭নং ৰাষ্ট্রীয় ঘাইপথেৰে চালানবিহীন তথা ওপৰত ঢ়াকনিবিহীন ডাম্পাৰসমূহ চলাচল কৰি থকাৰ পিছতো গুৱাহাটী পশ্চিম জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়া আৰু খানামুখ খণ্ড বন কার্যালয়ৰ খণ্ড বন বিষয়াগৰাকীয়ে আজিপর্যন্ত কোনো ব্যৱস্থা গ্রহণ নকৰা কার্যই ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

You might also like