নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱিকিপিডিয়াৰ কর্মশালাত অসমৰ ৪ প্রতিনিধি

নিয়মীয়া বাৰ্তা, ১২ মার্চঃ চেণ্টাৰ ফৰ ইণ্টাৰনেট এণ্ড ছ’চাইটী একচেছ টু নলেজৰ উদ্যোগত আৰু ৱিকি মিডিয়া ফাউণ্ডেচনৰ সহযোগত যোৱা ২৮ ফেব্রুৱাৰীৰ পৰা ১ মার্চলৈ মুম্বাইৰ ৰামভাও মহালগী প্রবোধীনিৰ উৎকৃষ্ট জ্ঞানকেন্দ্রত ‘ড্রেইন দ্যা ড্রেইনাৰ ২০২০’ শীর্ষক এক কর্মশালা অনুষ্ঠিত হয় ৷ এই কর্মশালালৈ অসমীয়া ৱিকিপিডিয়া আৰু ৱিকি উৎসৰ পৰা ৰঙিয়াৰ বাবুল বৈশ্য, ডিব্রুগডৰ অজয় দাস আৰু তেজপুৰৰ নয়নজ্যোতি নাথ নির্বাচিত হয়৷ অসমৰে আন এজন ৱিকিপিডিয়ান কোকৰাঝাৰৰ জয়সাগৰ মুর্মুৱে ‘চাওঁতালি ৱিকিপিডিয়া’ক প্রতিনিধিত্ব কৰি এই কর্মশালাত অংশগ্রহণ কৰে৷ তিনিদিনৰ বাবে অনুষ্ঠিত এই কর্মশালাখনত অসমীয়া, হিন্দী, ইংৰাজী, মাৰাঠী, বাংলা, তামিল, তেলেগু, টুলু, কানাডা, পঞ্জাৱী ভাষাৰ ভাৰতৰ বিভিন্ন প্রান্তৰ মুঠ ২৩গৰাকী প্রতিনিধিয়ে ১৮ টা ৱিকি প্রকল্পক প্রতিনিধিত্ব কৰে৷ ইয়াত প্রতিনিধিসকলক ভৱিষ্যতে নিজ নিজ ভাষাৰ ৱিকি প্রকল্পসমূহৰ বিভিন্ন কাম–কাজসমূহ আগুৱাই নিব পৰাকৈউচ্চ পর্যায়ৰ প্রশিক্ষণ প্রদান কৰা হয়৷ প্রথমদিনা আনুষ্ঠানিক পৰিচয় পর্বৰ পিছত বিভিন্ন ভাষাৰ প্রতিনিধিসকলে নিজ নিজ ৱিকি প্রকল্পসমূহৰ খতিয়ান দাঙি ধৰে৷ সমল ব্যক্তি পুৰাতত্ত্ববিদ ডঃ সুৰজ পণ্ডিতে স্মৃতিচিহ্ণসমূহৰ সংৰক্ষণত ডকুমেণ্টেচনৰ ভূমিকাৰ বিষয়ে বক্তব্য আগবঢ়ায় ৷

You might also like