নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পূৰ্ণ লক ডাউন হ’ব পাৰে গুৱাহাটী মহানগৰীত!

নিয়মীয়া বাৰ্তা, ২৪জুনঃ মহানগৰীৰ ১১টাকৈ বাৰ্ডত সম্প্ৰতি লক ডাউন দিয়া হৈছে। ক’ৰোনাৰ হটস্পটলৈ পৰিণত হোৱা বাৰ্ডকেইটাত সংক্ৰমণৰ বৃদ্ধি হৈছিল। দৈনিক বৃদ্ধি পোৱা গণ সংক্ৰমণে ভয়াৱহৰূপ ধাৰণ কৰিছে।

গুৱাহাটীত প্ৰথমটো পৰ্যায়ৰ লক ডাউনৰ পিছতে এই ঘোষণা মন্ত্ৰী পীয়ূষ হাজৰিকাৰ।এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটীৰ পৰিৱেশ অতি ভয়ানক গতিকে ঘৰৰ পৰা অতি আবশ্যকীয় কাম নহ’লে বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান। তেওঁ লগতে কয় যে কেইদিনমানলৈ প্ৰয়োজন নাথাকিলে গুৱাহাটীলৈ নাহিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ।

মঙলবাৰে গুৱাহাটীত আক্ৰান্ত হৈছিল ১০২জনকৈ লোক। গণ সংক্ৰমণ বৃদ্ধি পোৱা বাবে ভয়ংকৰ হৈ পৰিছে গুৱাহাটী মহানগৰী। লক ডাউন দিয়া বাৰ্ডত বৃদ্ধি পাইছিল ক’ৰোনা আক্ৰান্তৰ সংখ্য়া। গতিকে বাৰ্ডৰ সংখ্যা বাঢ়ি গৈ থাকিলে সমগ্ৰ মহানগৰীখনতেই লক ডাউনৰ ব্যৱস্থা কৰিব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

যদিহে সকলোৱে স্বাস্থ্য বিভাগৰ নিয়মসমূহ নামানে, সামাজিক দূৰত্ব মানি নচলে, মাস্কখন নিপিন্ধে তেন্তে আমাৰ কৰণীয় আৰু একো নাথাকে। নিজক নিজে বচাব লাগিব। নহ’লে আৰু একো উপায় নাথাকিব বুলিও সংবাদমাধ্যৰ আগত প্ৰকাশ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

You might also like