নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধানঃ ব্লেকলিষ্টেড হ’ব বহিঃৰাজ্যত পঞ্জীভুক্ত বাহন

  • ৰাজপথত কৰ ফাঁকিৰে চলা যান–বাহনৰ বিৰুদ্ধে কঠোৰ জিলা পৰিবহণ

 

নিয়মীয়া বাৰ্তা, ২৩ ফ্ৰেব্ৰুৱাৰীঃ গুৱাহাটীৰ ৰাজপথত নীতি–বহির্ভূতভাৱে চলাচল কৰা বহিঃৰাজ্যত পঞ্জীভুক্ত যান–বাহনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছে পৰিবহণ বিভাগে৷ বহিঃৰাজ্যত পঞ্জীয়ন কৰা বাহনেৰে সামগ্রী কঢ়িয়াই লাখ লাখ টকা কৰ ফাঁকি দিয়া ব্যৱসায়ীসকলক নাকী লগোৱাৰ বাবেই পৰিবহণ বিভাগৰ নির্দেশত কামৰূপ মহানগৰ জিলা পৰিবহণ কার্যালয়ে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ শীঘ্রেই ৰাজপথত চলাচল কৰা বহিঃৰাজ্যত পঞ্জীভুক্ত যান–বাহনৰ বিৰুদ্ধে জিলা পৰিবহণৰ কার্যালয়ে অভিযান চলাব৷ বিশেষকৈ চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্রিপুৰা আৰু অৰুণাচল প্রদেশত পঞ্জীভুক্ত বাণিজ্যিক সামগ্রী কঢ়িওৱা যান–বাহনৰ বিৰুদ্ধে জিলা পৰিবহণ বিভাগে কঠোৰ পদক্ষেপ গ্রহণ কৰিব৷

উল্লেখ্য যে অসমত একাংশ চিমেণ্টৰ ব্যৱসায়ী আৰু অন্যান্য ব্যৱসায়ীসকলে কৰ ফাঁকিৰ লক্ষ্যৰে বহিঃৰাজ্যৰ পৰা পঞ্জীয়ন কৰি অনা বাহনেৰে চিমেণ্ট আৰু অন্যান্য সামগ্রী ৰাজপথেৰে সৰবৰাহ কৰি আহিছে৷ ফলত চৰকাৰে লাখ লাখ টকা ৰাজহ হেৰুৱাবলগীয়া হৈছে৷ সেয়েহে কৰ ফাঁকিৰে লাখ লাখ টকাৰ ব্যৱসায় চলোৱাসকলৰ বিৰুদ্ধে পৰিবহণ বিভাগে এই পদক্ষেপ গ্রহণ কৰিছে৷ আজি সেই সন্দর্ভত অসম চৰকাৰৰ অতিৰিক্ত পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে বিভিন্ন উদ্যোগ–প্রতিষ্ঠানে নিজৰ ব্যৱসায়িক স্বার্থত বহিঃৰাজ্যত যান–বাহন পঞ্জীয়ন কৰি অসমত পূর্ণোদ্যমে আৰু নিগাজিকৈ ব্যৱসায় চলাই থাকিও যান–বাহনৰ কৰ–কাটল আদায় নিদিয়াটো অত্যন্ত দুর্ভাগ্যজনক৷ অসমত নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰামকে ধৰি চুবুৰীয়া অন্যান্য ৰাজ্যৰ উদ্যোগ–প্রতিষ্ঠানে ইয়াত ব্যৱসায় চলোৱাটো স্বাভাৱিক৷ কিন্তু ব্যৱসায় নিগাজি হোৱাৰ লগে লগে প্রতিষ্ঠানসমূহে ব্যৱহার্য বাহনসমূহ অসমৰ জিলা পৰিবহণ বিষয়াৰ কার্যালয়, বিশেষকৈ সর্বাধিকসংখ্যকে যিহেতু গুৱাহাটীতে ব্যৱসায় চলাই আছে সেয়ে তেওঁলোকে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কার্যালয়ত পঞ্জীয়ন কৰি যাৱতীয় কৰ–কাটল দিব লাগিব৷

অসমৰ ৰাজপথত চলা প্রতিখন বাহনকে প্রতিনিয়ত সুৰক্ষা দিবলৈ ইয়াৰ পৰিবহণ বিষয়াৰ কার্যালয়সমূহে যিহেতু সদাসচেতন ভূমিকা গ্রহণ কৰি আহিছে, সেয়ে অসমৰ যান–বাহন সুৰক্ষা আইনৰ আওতালৈ আহিবলৈ সকলো যান–বাহন ব্যৱহাৰকাৰী দায়বদ্ধ৷ এই কথা বাৰম্বাৰ অৱগত কৰাৰ পিছতো বহুতেই বছৰ বছৰ ধৰি অসমত কৰ ফাঁকিৰে চলাই আছে ব্যৱসায়িক বাহন৷ এইবাৰ এনেবোৰ অবৈধ বাহনক কোনো কাৰণতে অন্যায়–নিয়মৰ প্রশ্রয় ল’বলৈ দিয়া নহ’ব৷ সেয়ে বছৰ বছৰ ধৰি অসমৰ বায়ু, পানী, বতাহ সেৱন কৰি ৰমৰমীয়া ব্যৱসায় চলাই থকা বহিঃৰাজ্যৰ বাহনসমূহ শীঘ্রে অসম তথা গুৱাহাটী মহানগৰীত পঞ্জীয়ন কৰি কৰ–কাটল আদায় দিবলৈ সহকাৰী পৰিবহণ আয়ুক্তগৰাকীয়ে আহ্বান জনায়৷ অনতিপলমে এইসমূহ বাহনে কৰ–কাটল আদায় নিদিলে যান–বাহন আইনৰ অধীনত বিভিন্ন ব্যৱস্থা গ্রহণ কৰি বাহনসমূহ ব্লেকলিষ্টেড কৰি থিতাতে জব্দ কৰা হ’ব বুলিও কয় সহকাৰী পৰিবহণ আয়ুক্তগৰাকীয়ে৷

You might also like