নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰ মহকুমাত উচ্চ বিষয়া, চিকিৎসকৰ অভাৱঃ ভাৰপ্ৰাপ্ত বিষয়াৰে চলিছে কাৰ্যালয়; চিন্তিত সচেতন ৰাইজ

নিয়মীয়া বাৰ্তা, ২৩ ফ্ৰেব্ৰুৱাৰীঃ বৰ্তমানৰ ৰাজ্য চৰকাৰখনে প্ৰশাসন ব্যৱস্থাক অধিক জনমুখী আৰু গতিশীল কৰি তোলাৰ ক্ষেত্রত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে গহপুৰ মহকুমাৰ একাধিক কাৰ্যালয়ত বিষয়াৰ অভাৱ ঘটাত সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে গহপুৰ মহকুমাৰ মহকুমাধিপতি গৰাকী ৰঙিয়ালৈ বদলি হৈ যোৱাৰ পিছত যোৱা এক ফ্ৰেব্ৰুৱাৰীৰ পৰা গহপুৰ মহকুমাৰ নিৰ্বাচনী বিষয়া গৰাকীয়ে গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ দায়িত্ব পালন কৰি আছে। মহকুমা প্ৰশাসনত বৰ্তমান এগৰাকী পূৰ্ণ পৰ্য্যায়ৰ মহকুমাধিপতি নথকাৰ বিষয়টোৱে মহকুমাটোৰ সচেতন মহলক চিন্তিত কৰি তুলিছে। অন্যহাতেদি যোৱা নবেম্বৰ মাহৰ পৰা খালী হৈ আছে গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়াৰ পদ।গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে পদোন্নতি পাই বিশ্বনাথলৈ বদলি হৈ যোৱাৰ পিছৰে পৰা যোৱা নবেম্বৰ মাহৰ পৰা বৰ্তমানলৈকে উক্ত স্থানত স্থলাভিষিক্ত নহল মহকুমা আৰক্ষী বিষয়া।একেদৰে গহপুৰ মহকুমাৰ মহকুমা কল্যাণ বিষয়াৰ কাৰ্য্যলয়টোও সুদীৰ্ঘ দিন ধৰি ভাৰপ্ৰাপ্ত বিষয়াৰ দ্বাৰা চলি আহিছে । একেদৰে হেলেম ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়তো খালী হৈ আছে সংলগ্ন ৰাজহ চক্ৰ বিষয়াৰ পদ। উল্লেখ্য যে ২০০০ চনৰ ২৬ জানুৱাৰীত গঠিত হোৱা গহপুৰ মহকুমাত আজিলৈকে নিযুক্ত নহ’ল তথ্য আৰু জনসংযোগ বিষয়া। মহকুমাটোৰ চিকিৎসা খণ্ডতো একেই অৱস্থা। গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত দুমাহ ধৰি খালী হৈ আছে স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ চিকিৎসকৰ পদ। তদুপৰি চিকিৎসালয়খনত নাই অস্থি,চকু,ই এন টি,হৃদৰোগকে ধৰি বিভিন্ন বিভাগৰ চিকিৎসক। চিকিৎসালয়খনত বিভিন্ন উন্নত প্ৰযুক্তিৰ সা-সৰঞ্জাম,আই চি ইউ,বেবি কেয়াৰ ইউনিট আদি আছে যদিও প্ৰয়োজনীয় চিকিৎসকৰ অভাৱ এতিয়াও দূৰ হোৱা নাই। ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি উক্ত সমস্যা সমূহৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক সচেতন ৰাইজে অনুৰোধ জনাইছে। 
You might also like