ৰাজ্যজুৰি ২০২৬-২৭ শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ
আজিৰে পৰা ৰাজ্যত আৰম্ভ হ’ল ২০২৬–২৭ শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যক্ৰম বিতৰণৰ কাৰ্যসূচী। মহানগৰীৰ বোন্দাস্থিত অসম ৰাজ্যিক পাঠ্যপুথি নিগমৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে এই পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ ১৪৯টা শিক্ষা খণ্ডলৈ পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে। ‘ক’ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰা শিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ এই পাঠ্যপুথিসমূহ প্ৰদান কৰা হ’ব। প্ৰায় ৫০ লাখ ছাত্র-ছাত্ৰীৰ বাবে মুঠ ৩ কোটি পাঠ্যপুথি প্ৰস্তুত কৰা হৈছে।
প্ৰথম দিনটোতে ৰাজ্যৰ ১১খন জিলালৈ পাঠ্যপুথি বিতৰণ কৰা হৈছে বুলি জানিবলৈ দিয়া হৈছে। শিক্ষা বিভাগৰ এই পদক্ষেপে নতুন শিক্ষাবৰ্ষ আৰম্ভণিৰ আগতেই শিক্ষাৰ্থীসকলৰ হাতত পাঠ্যপুথি পাব বুলি আশা প্ৰকাশ কৰিছে বিভাগীয় বিষয়াসকলে।
ডিজিটেল ডেস্ক, ১০ ফেব্ৰুৱাৰী