নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত কেব সেৱাৰ নামত শতাধিক বাহন চুৰি প্ৰৱঞ্চকৰ, গ্ৰেপ্তাৰ ৩ যুৱক-যুৱতী

নিয়মীয়া বার্তা, ১৮ নৱেম্বৰঃ মহানগৰীৰ কেব সেৱাৰ নাম লৈ গাড়ী চুৰ কৰা এটা বৃহৎ চক্রক দিছপুৰ আৰক্ষীয়ে উৎখাত কৰিছে৷ কেব সেৱাৰ নামত কৌশলেৰে নিবনুৱা যুৱক–যুৱতীৰ পৰা বাহন চুৰি কৰা চক্রৰ তিনি প্রৱঞ্চক যুৱক–যুৱতীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ধৃত অভিযুক্ত যুৱক দুজন বৰপেটা জিলাৰ হাউলীৰ ধ্রুৱজ্যোতি দাস আৰু কইনাধৰাৰ দেৱজিৎ ভট্টাচার্য৷ অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষীয়ে যুৱতীগৰাকীৰ নাম সদৰী কৰাৰ পৰা বিৰত আছে৷

আৰক্ষী সূত্রই জনোৱা মতে ধ্রুৱজ্যোতি দাস, দেৱজিৎ ভট্টাচার্য আৰু গৌৰৱ সিং নামৰ যুৱক তিনিজনে যুৱতীগৰাকীৰ সহযোগত মহানগৰীত প্রৱঞ্চনাৰ জাল পেলাইছিল৷ অভিযুক্ত যুৱক–যুৱতী চাৰিজনে মহানগৰীৰ বিভিন্ন প্রান্তৰ নিবনুৱা যুৱক–যুৱতীসকলৰ কাষ চাপি তেওঁলোকৰ পৰা নথি–পত্র সংগ্রহ কৰে৷ নিবনুৱা যুৱক–যুৱতীৰ পৰা সংগ্রহ কৰা নথি–পত্র মহানগৰীৰ বিভিন্ন শ্ব’ৰুমত জমা কৰি তেওঁলোকৰ নামত বাহন উলিয়াই সেই বাহনসমূহ ৰেপিড’, অলা, উবেৰ আদি কেব সেৱা চলোৱা বুলি কৈ বাহনসমূহ চুৰি কৰে৷

এনেকৈ মহানগৰীৰ বিভিন্ন প্রান্তৰ নিবনুৱা শতাধিক যুৱক–যুৱতীক প্রতাৰণা কৰি বাহনসমূহ চুৰি কৰে৷ ঘটনা সন্দর্ভত এজন ভুক্তভোগী যুৱকে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ১৭৪৪/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি যুৱতীসহ দুজন যুৱকক গ্রেপ্তাৰ কৰে যদিও ঘটনাৰ সৈতে জড়িত গৌৰৱ সিং নামৰ যুৱকজন আজিও পলাতক হৈ আছে৷

অৱশ্যে এই পলাতক যুৱকজনো দুই–এদিনৰ ভিতৰত আৰক্ষীৰ জালত পৰিব বুলি তদন্তকাৰী আৰক্ষী বিষয়া মঞ্জু গগৈয়ে জানিবলৈ দিছে৷ উল্লেখ্য যে এই গাড়ী চোৰ চক্রটোৱে মহানগৰীৰ বিভিন্ন স্থানৰ যুৱক–যুৱতীক প্রতাৰণা কৰা বুলি স্থানীয় আৰক্ষী থানাসমূহত শতাধিক গোচৰ ৰুজু হৈ থকা বুলি জানিব পৰা গৈছে৷

You might also like