নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলদলি সংৰক্ষিত বনাঞ্চলত নগাক ভূমি পট্টা প্ৰদানক কেন্দ্ৰ কৰি নাগালেণ্ডলৈ অৰ্থনৈতিক অৱৰোধ কাৰ্বি আংলংৰ জাতীয় সংগঠনৰ

নিয়মীয়া বার্তা, ১৮ নৱেম্বৰঃ কাৰ্বি-আংলংৰ অসম নগালেণ্ড সীমান্তৰ দলদলি সংৰক্ষিত বনাঞ্চলত নাগালেণ্ড প্ৰশাসনৰ নগা লোকক ভূমি পট্টা প্ৰদান কৰাৰ পাছতেই সীমান্তত উত্তেজনা অব্যাহত আছে। দলদলি সংৰক্ষিত বনাঞ্চলৰ এক বৃহৎ এলেকাত ইতিমধ্যে নাগালেণ্ডৰ বেদখলকাৰীয়ে জেচিবিৰে মাটি কাটি সমান কৰি সেয়া তেওঁলোকৰ বুলি দাবী কৰাৰ বিপৰীতে কাৰ্বি আংলং বন বিভাগ তথা প্ৰশাসনে সেয়া অসমৰ অন্তৰ্ভুক্ত দলদলি সংৰক্ষিত বনাঞ্চলৰ মাটিহে বুলি স্পষ্ট কৰি দিয়ে।কিন্ত নগা লোকসকলে উক্ত অঞ্চলটো নগালেণ্ডৰ অধীনৰ আৰু ইতিমধ্যে নগালেণ্ড প্ৰশাসনে তেওঁলোকক মাটিৰ পট্টা প্ৰদান কৰাৰ কথা ব্যক্ত কৰি ১৯২৩চনত সীমা নিৰ্ধাৰণ কৰা পকী খুটাটোতকৈ নাতি দূৰত থকা এটা নলাহে  কাৰ্বি আংলংৰ সীমা বুলি দাবী কৰে।
এই সন্দৰ্ভত কাৰ্বি আংলং প্ৰশাসনেও নিজৰ স্থিতিত অটল থাকি তৎপৰতা অব্যাহত ৰাখিছে।সীমান্তত অব্যাহত থকা নগা আগ্ৰাসনৰ সন্দৰ্ভত নগালেণ্ডৰ ডিমাপুৰ উপায়ুক্তৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰিছে কাৰ্বি আংলংৰ উপায়ুক্ত চন্দ্ৰ ধ্বজ সিংহাই।কাৰ্বি আংলংৰ উপায়ুক্তগৰাকীয়ে ইতিমধ্যে যোৱা শনিবাৰে কাৰ্বি আংলং বন বিভাগৰ পিচিচিএফ অভিজিত ৰাভাক লগত লৈ বিতৰ্কিত সীমান্ত পৰিদৰ্শন কৰাৰ লগতে উক্ত অঞ্চলটো কাৰ্বি আংলংৰ অন্তৰ্ভুক্ত বুলি জানিবলৈ দিয়ে আৰু এই সন্দৰ্ভত অহা দুই এদিনৰ ভিতৰতে ডিমাপুৰ আৰু কাৰ্বি আংলং প্ৰশাসনৰ মাজত এক দ্বিবাৰ্ষিক বৈঠক অনুষ্ঠিত হব বুলি জানিবলৈ দিয়ে।১৯২৩ চনত ঘোষণা হোৱা সীমান্তৰ দলদলি সংৰক্ষিত বনাঞ্চলৰ ভূমি অক্ষুন্ন ৰখাৰ লক্ষ্যৰে নগালেণ্ড প্ৰশাসনৰ সৈতে পাছত আলোচনা হব বুলি কয় কাৰ্বি আংলংৰ উপায়ুক্তগৰাকীয়ে।
আনহাতে নগাই অসমৰ মাটি বেদখল কৰাৰ প্ৰতিবাদত কে,এছ,এ(KSA)ৰ নেতৃত্বত পাহাৰীয়া জিলাখনৰ কেইবাটাও সংগঠনে আজিৰ পৰা ৩৬নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নগালেণ্ডৰ বিৰোধে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী আৰম্ভ কৰিছে।  কাৰ্বি আংলং ছাত্ৰ সন্থাৰ নেতৃত্বত KSYC, KUYA, KFA, KLNLF, UKYA, JACAS,AJYCP, AASA, AATSA আদি 12তাকৈ সংগঠনে অসম নগালেণ্ড সীমান্তৰ শীঘ্ৰে সমাধান বিচাৰি এই অৱৰোধ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিছে ।কাৰ্বি আংলঙৰ দলদলি সংৰক্ষিত বনাঞ্চলৰ ৰিলায়েন বস্তিত  ১০১১একৰ ভূমিত নগালেণ্ড চৰকাৰে প্ৰদান কৰা ভূমিৰ পট্টা নাকচ কৰাৰ দাবী কৰাৰ লগতে কাৰ্বি আংলংৰ ভুমিত থকা নগালেণ্ড চৰকাৰৰ IRBn কেম্পটো শীঘ্ৰে উঠাই নিয়াৰ দাবী তোলে সংগঠন কেইটায়ে।জাতি মাটি আৰু ভেটিৰ সুৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰক প্ৰথমে ৰাজ্যেৰ চাৰিসীমাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনায় অৰ্থনৈতিক অৱৰোধ কার্যসূচী পালন কৰা দল সংগঠনে।
You might also like