নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্মচাৰীৰ প্রতিবাদত স্তব্ধ পৌৰ নিগমৰ কাম–কাজ; অস্থায়ী–ঠিকাভিত্তিক কর্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবী

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ গুৱাহাটী পৌৰ নিগমৰ কর্মচাৰীৰ প্রতিবাদত আজি স্তব্ধ হৈ পৰে পৌৰ নিগমৰ কাম–কাজ৷ পাণবজাৰস্থিত পৌৰ নিগমৰ মুখ্য কার্যালয়ত  বিভিন্ন দাবীৰ সমর্থনত সহস্রাধিক কর্মচাৰীয়ে প্রতিবাদ সাব্যস্ত কৰে৷ কর্মচাৰীসকলৰ প্রতিবাদত গুৱাহাটী পৌৰ নিগমৰ মুখ্য কার্যালয়, উজান বজাৰৰ কার্যালয়, উলুবাৰী গেৰেজ ব্রাঞ্চকে ধৰি জিএমচিৰ ৬টা জ’নৰ কার্যালয়ত পুৱাৰে পৰা তলা ওলমি থাকে৷

পৌৰ নিগমৰ ৪টা ইউনিয়নৰ যৌথ মঞ্চৰ আহ্বান মর্মে আজি কর্মচাৰীসকলে প্রতিবাদ সাব্যস্ত কৰি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ প্রতিবাদকাৰীসকলে হাতে হাতে প্লে–কার্ড লৈ অস্থায়ী আৰু ঠিকাভিত্তিক কর্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ, অস্থায়ী শ্রমিকৰ চাকৰি নিয়মীয়া কৰা, নতুন নিযুক্তি বন্ধ কৰা, অর্হতাৰ ভিত্তিত পদোন্নতিৰ ব্যৱস্থা কৰা আদিকে ধৰি বিভিন্ন শ্লোগানেৰে প্রতিবাদ সাব্যস্ত কৰে৷ পৌৰ নিগমৰ কর্মচাৰীৰ সর্বাত্মক ধর্মঘটত নিগমৰ কাম–কাজ অচল হৈ পৰে৷ ইয়াৰ উপৰি কর্মচাৰীসকলৰ প্রতিবাদৰ বাবেই মহানগৰীৰ বিভিন্ন স্থানত আৱর্জনা দ’ম হৈ থকা পৰিলক্ষিত হয়৷

ইফালে, শীঘ্রে পৌৰ কর্মচাৰীসকলৰ দাবীসমূহ চৰকাৰে পূৰণ নকৰিলে পুনৰ আন্দোলনৰ কার্যসূচী হাতত ল’ব বুলি হুংকাৰ দিয়ে কর্মচাৰীসকলে৷ আনহাতে, অহা ২৭ জানুৱাৰীৰ পৰা অনির্দিষ্টকালীন ধর্মঘট পালন কৰিব বুলিও স্পষ্ট কৰি দিয়ে পৌৰকর্মীসকলে৷

You might also like