নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীত অনুষ্ঠিত হ’ব সর্বাধিক ৭৯খন দুর্গাপূজা

ৰাজ্যখনৰ ক’ভিডকেন্দ্রিক পৰিস্থিতি ক্রমাৎ সুস্থিৰ হৈ উঠিছে যদিও মাৰাত্মক সামাজিক সংক্রমণ প্রতিৰোধৰ পৰিপ্রেক্ষিতত আগন্তুক শাৰদীয় দুর্গাপূজা কেনেদৰে উদযাপন কৰিব, সেই সন্দর্ভত ৰাজ্য চৰকাৰে ইতিমধ্যে কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছে৷ গতিকে, ভয়াৱহ সাম্প্রতিক পৰিস্থিতিৰ প্রতি গুৰুত্ব আৰোপ কৰি ভক্তপ্রাণ ৰাইজে নীতি–নিয়মেৰে শাৰদীয় দুর্গাপূজা পালন কৰক আৰু চৰকাৰী নির্দেশনা অনুসৰি নদীত প্রতিমা বিসর্জন দিয়ক৷– এই আহ্বান উপ–আৰক্ষী আয়ুক্ত শুভাশিস বৰুৱাৰ৷

উল্লেখনীয় যে গুৱাহাটী মহানগৰীৰ জালুকবাৰী থানা এলেকাত প্রতি বছৰে সর্বাধিক দুর্গাপূজা অনুষ্ঠিত হৈ আহিছে৷ তেনেক্ষেত্রত এইবেলি ক’ভিডকেন্দ্রিক ভয়াৱহ পৰিস্থিতিৰ মাজত কেনেদৰে শাৰদীয় দুর্গাপূজা অনুষ্ঠিত কৰিব, সেই সন্দর্ভত আলোচনা কৰাৰ নিমিত্তে মহানগৰীৰ জালুকবাৰী থানা এলেকাৰ দুর্গাপূজা উদযাপন সমিতি আৰু পাণ্ডুঘাট বিসর্জন কমিটীৰ উদ্যোগত কালি সন্ধিয়া পাণ্ডু কলেজ গেট দুর্গামণ্ডপ প্রেক্ষাগৃহত এখন জৰুৰী সভা অনুষ্ঠিত হয়৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উপ–আৰক্ষী আয়ুক্ত বৰুৱাই ভাষণ প্রসংগত কয়– ‘শাৰদীয় দুর্গোৎসৱক কেন্দ্র কৰি ক’ভিড–১৯ ৰ সামাজিক সংক্রমণ যাতে পুনৰ উভতি নাহে, তাৰ বাবে নিজৰ দায়িত্ব নিজেই ল’ব লাগিব৷ পূজা মণ্ডপত সোমোৱাৰ ক্ষেত্রত প্রৱেশ আৰু প্রস্থান হিচাপে সম্পূর্ণ দুটা পৃথক ব্যৱস্থা কৰিব লাগিব৷ অগ্নি নির্বাপণৰ ব্যৱস্থা ৰাখিব লাগিব৷ কোনো কাৰণতে যাতে পূজা মণ্ডপত ভক্তৰ জুম অথবা সমাগম বৃদ্ধি নহয়, তাৰ প্রতি পূজা উদযাপন সমিতিয়ে প্রতিনিয়ত লক্ষ্য ৰাখিব লাগিব৷’

ইপিনে, সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি জালুকবাৰী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ৰূপক কুমাৰ বৰাই ভাষণ প্রসংগত কয়– পূজা উদযাপন সমিতিসমূহে মাস্ক আৰু ছেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগিব৷ নির্দিষ্ট নিয়মৰ মাজেৰেহে ভোগ বিতৰণ কৰিব লাগিব, অন্যথা ভোগৰ ব্যৱস্থা নকৰিলে ভাল৷ পূজা উদযাপন সমিতিসমূহে কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিব নোৱাৰিব৷ দিনৰ ভাগতে ওজাপালি পৰিৱেশনৰ ব্যৱস্থা কৰিব লাগিব৷ অতি লঘু শব্দৰে মাত্র পূজাৰ সময়ত ঢাক বজাব লাগিব৷ নিশা ১০ বজাৰ লগে লগে ৰাজ্য চৰকাৰৰ নির্দেশনা মতে সকলোৱে পূজাৰ কার্যসূচী সামৰিব লাগিব৷ নিশা পূজা মণ্ডপসমূহত নৈশ চকীদাৰৰ ব্যৱস্থা কৰিব লাগিব আৰু পূজা উদযাপন সমিতিসমূহে পর্যাপ্তসংখ্যক স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব৷ দেৱী মা–দুর্গাৰ মৃণ্ময় মূর্তিৰ উচ্চতা কম কৰিব লাগিব৷

আনহাতে, পৰাপক্ষত দেৱী মা–দুর্গাৰ মৃণ্ময় মূর্তি নোহোৱাকৈ পূজা কৰিলে সকলোৰে বাবে মংগল হ’ব৷ দেৱী মা–দুর্গাৰ মৃণ্ময় মূর্তিত বেছি গাঢ় ৰং প্রয়োগ কৰিব নোৱাৰিব৷ কিয়নো বিষাক্ত ৰং প্রয়োগ কৰিলে নদীৰ পানী প্রদূষিত হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে৷ আনহাতে, এইবেলি দুদিনীয়া কার্যসূচীৰে পাণ্ডুঘাটত দেৱী মা–দুর্গাৰ মৃণ্ময় প্রতিমা দিনৰ পোহৰতেই বিসর্জন দিয়াৰ ব্যৱস্থা থাকিব৷ ষষ্ঠী পূজাৰ দিনা পূজা উদযাপন সমিতিৰ বিষয়ববীয়াসকলে ক’ভিড টেষ্ট কৰিব লাগিব৷

লগতে সকলোৱে ক’ভিড ভেকচিন দিয়াৰ প্রমাণ–পত্র জমা দিব লাগিব৷ ইপিনে, পাণ্ডুঘাট বিসর্জন কমিটীৰ সভাপতি নিমাই চন্দ্র দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে উপস্থিত সকলোকে আদৰণি জনাই উদ্দেশ্য ব্যাখ্যা কৰে পাণ্ডুঘাট বিসর্জন কমিটীৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰে৷ সাধাৰণ সম্পাদক দ্বিজেন লহকৰে পূজা উদযাপনৰ ফলত যাতে মাৰাত্মক ক’ভিড–১৯ৰ সামাজিক সংক্রমণ নহয়, তাৰ বাবে সকলোকে সতর্ক হৈ থাকিবলৈ আহ্বান জনায়৷ লহকৰে ভাষণ প্রসংগত পুনৰ কয়– এইবেলি বৃহত্তৰ জালুকবাৰী থানা এলেকাত সর্বাধিক ৭৯খন দুর্গাপূজা অনুষ্ঠিত হ’ব৷

You might also like