নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰত পথ দুর্ঘটনাত স্কুটী আৰোহী আহত

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ অভিশপ্ত ২০২০ বর্ষৰ শেষৰটো দিনতে চন্দ্রপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা৷ এ এছ–২৫ পি–৬৬৬৬ নম্বৰৰ গ্রেণ্ড আই–১০ আৰু এ এছ–০১–ই জেড–৮৪৯১ নম্বৰৰ স্কুটীৰ মাজত মুখামুখিকৈ দুর্ঘটনাত পতিত হয়৷ দুর্ঘটনাত গুৰুতৰভাৱে আহত হয় চন্দ্রপুৰৰ গোৱর্ধনৰ বিজয় দেৱ নামৰ স্কুটী আৰোহী যুৱকজন৷ আনহাতে চাৰিচকীয়া বাহনখনত থকা ৰবিতা ডেকা নামৰ এগৰাকী মহিলাও কিছু আঘাত প্রাপ্ত হয়৷ ঘটনাৰ প্রত্যক্ষদর্শীৰ ভাষ্য মতে চন্দ্রপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা গ্রেণ্ড আই–১০খনত বিপৰীত দিশৰ পৰা আহি থকা স্কুটীখনে কেঁকুৰি এটা লৈ প্রচণ্ড জোৰত খুন্দা মাৰে ফলত স্কুটীখনৰ চালকজন বহুদূৰত ছিটিকি পৰে আৰু স্কুটীখন সম্পূর্ণৰূপে ক্ষতিগ্রস্ত হয়৷

ইপিনে চাৰিচকীয়া বাহনখনৰ সন্মুখভাগ সম্পূর্ণৰূপে ভাঙি যায়৷ চাৰিচকীয়া বাহনখনত থকা সুৰক্ষা বেলুনৰ বাবে কথমপি প্রাণ ৰক্ষা পৰে বাহনখনত থকা তিনি যাত্রীৰ৷ যদিও ইয়াৰে এগৰাকী কিছু পৰিমাণে আঘাতপ্রাপ্ত হোৱাত চিকিৎসাৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱা প্রাগজ্যোতিষপুৰ থানাই দুয়োগৰাকীকে চিকিৎসালয়লৈ প্রেৰণ কৰে৷ উল্লেখ্য যে বছৰৰ শেষৰটো দিনত আৰু নৱবর্ষৰ মাত্র কেইটিমান মুহূর্তৰ এনে দুর্ঘটনাই স্থানীয় ৰাইজৰ মাজত ভয় শংকা আনি দিছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে৷

You might also like