নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপৰ বিলত সমূহীয়া মৎস্য চিকাৰত প্রশাসনৰ নিষেধাজ্ঞা

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ ৰামছাৰ ছাইট খ্যাত দীপৰ বিলত সমূহীয়া মৎস্য চিকাৰত নিষেধাজ্ঞা জাৰি কৰিছে পশ্চিম আৰক্ষী জিলাৰ উপ–আৰক্ষী আয়ুক্তই৷ পহিলা জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ দীপৰ বিলৰ আশে–পাশে থকা অঞ্চলত ১৪৪ ধাৰা জাৰি কৰিছে৷ দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যৰ দাঁতিকাষৰীয়া কেওটপাৰা, মিকিৰপাৰা, পাছপাৰা, আজাৰা, তেতেলিয়া আদি অঞ্চলৰ লোকে পৰম্পৰাভাৱে বছৰৰ প্রথমটো দেওবাৰে দীপৰ বিলত সমূহীয়া মৎস্য চিকাৰ কৰি আহিছে৷ অহা ৩ জানুৱাৰীতো পৰম্পৰাগতভাৱে দীপৰ বিলত সমূহীয়া মৎস্য চিকাৰ কৰাৰ কথা আছিল৷ এই সময়ছোৱাত উক্ত অঞ্চলত ৫জনতকৈ অধিক লোক সমৱেত হ’ব নোৱাৰিব৷

You might also like