নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাম্পিং গ্রাউণ্ডৰ বিৰুদ্ধে ১৬ গাঁৱৰ ৰণচালি

দীপৰ বিলৰ পাৰত জাবৰ নেপালবলৈ মুখ্যমন্ত্রীক স্মাৰক–পত্র দল–সংগঠনৰ

নিয়মীয়া বাৰ্তা ১৩ ছেপ্টেম্বৰঃ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা কিছু নিলগৰ পশ্চিম বৰগাঁৱৰ বেলৰতলত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত ১০ আগষ্টৰ পৰা গুৱাহাটী পৌৰ নিগমে (জিএমচি) ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ (এনজিটি) নির্দেশ উলংঘা কৰি দৈনিক প্রায় ৫০০ মেড্রিকটন গেলা–পচা দূষিত আৱর্জনা পেলাই দীপৰ বিলৰ পানী প্রদূষিত কৰাকে ধৰি বৃহত্তৰ অঞ্চলটোৰ ১৬খনতকৈ অধিক গাঁৱৰ পৰিৱেশৰ প্রতি ভাবুকিৰ সৃষ্টি কৰি অহা বিষয়টোক লৈ ৰাইজৰ মাজত প্রতিক্রিয়া অব্যাহত আছে৷ আনকি ইয়াক লৈ বিগত কেইদিনত দীপৰ বিলৰ দুয়োপাৰে ক্রমে পশ্চিম বৰগাঁও আৰু পামহীত প্রতিবাদী কার্যসূচী গ্রহণৰ লগতে সভা অনুষ্ঠিত হৈছে৷ আনকি অঞ্চলটোৰ ১৬খন গাঁৱৰ ৰাইজে ডাম্পিং গ্রাউণ্ড উঠাই নিনিলে চন্দ্রপুৰৰ দৰে তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে৷

ইফালে, স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতায়ো এনজিটিৰ নির্দেশ উলংঘা কৰি কোনো কাৰণতে ৰাইজ আৰু দীপৰ বিলৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিবলৈ দিয়া নহ’ব বুলি সতর্ক কৰি দিছে৷ দৰকাৰ হ’লে জি এম চিৰ ডাম্পিং গ্রাউণ্ড স্থাপনৰ বিৰুদ্ধে ১৬খন ভুক্তভোগী গাঁৱৰ ৰাইজক লৈ গঠন কৰা পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চৰ সৈতে বিষয়টোৰ সমাধান সূত্র উলিয়াব লাগে বুলি আহ্বান জনাইছিল৷ অৱশেষত বিধায়কৰ আহ্বানৰ প্রতি সঁহাৰি জনাই জিএমচিয়ে মঞ্চক ২৬ আগষ্টত ডাম্পিং গ্রাউণ্ড সম্বন্ধে আলোচনাৰ বাবে নিমন্ত্রণ জনাইছিল৷ মঞ্চৰ সভাপতি তৰুণ বৰগোহঁাই, কার্যকৰী সভাপতি সুশীল টেৰণ, সম্পাদক তৰুণ চন্দ্র তালুকদাৰ, সাংগঠনিক সম্পাদক প্রমোদ কলিতাৰ নেতৃত্বত যোৱা আঠজনীয়া এটি সঁজাতী দলে জি এম চিৰ পাণবজাৰস্থিত মুখ্য কার্যালয়ত আয়ুক্ত দেৱাশিস শর্মাৰ সৈতে এক বৈঠকত মিলিত হয়৷ বৈঠকত অতিৰিক্ত আয়ুক্ত পুলক মহন্তকে ধৰি কেইবাজনো বিষয়া–ভিযন্তা উপস্থিত আছিল৷

আনহাতে, বৈঠকত জিএমচিৰ আয়ুক্ত দেৱাশিস শর্মাই মঞ্চৰ সঁজাতী দলটোক ডাম্পিং গ্রাউণ্ডত আৱর্জনা পেলোৱা বিষয়টো সমাধানৰ বাবে এক মাহৰ সময়সীমা বিচাৰে আৰু আগন্তুক দিনত বৈজ্ঞানিক পদ্ধতিৰে ডাম্পিং গ্রাউণ্ডত আৱর্জনা নিষ্কাশন কৰা হ’ব বুলি সদৰী কৰে৷ কিন্তু ইয়াৰ বিপৰীতে মঞ্চৰ সঁজাতী দলটোৱে কোনো কাৰণতে পশ্চিম বৰাগাঁৱৰ বেলৰতলত এনজিটিৰ নীতি–নির্দেশনা উলংঘা কৰি ডাম্পিং গ্রাউণ্ড স্থাপন কৰিবলৈ দিয়া নহ’ব বুলি জি এম চি কর্তৃপক্ষক অৱগত কৰাত আলোচনা আধৰুৱা হৈ ৰয়৷ অৱশ্যে আগন্তুক দিনত দুয়ো পক্ষই সহমতেৰে বিষয়টো সমাধানৰ বাবে চেষ্টা চলাব বুলি মত ব্যক্ত কৰে৷ ইতিমধ্যে সেই সময়সীমাৰ আধা দিন উকলি যোৱাৰ পিছতো জিএমচি কর্তৃপক্ষই অনাগত দিনত ডাম্পিং গ্রাউণ্ড সন্দর্ভত কি ব্যৱস্থা গ্রহণ কৰিব, তাক জানিব পৰা হোৱা নাই৷

ইফালে, দীপৰ বিলৰ সমীপত পুনৰ ডাম্পিং গ্রাউণ্ড স্থাপনৰ বিৰুদ্ধে আৰু এই সিদ্ধান্ত বাতিল কৰাৰ দাবীত মঞ্চই দীপৰ বিলৰ চাৰিওফালে থকা অঞ্চলৰ ২৫টাৰো অধিক ৰাজহুৱা আৰু সামাজিক–সাংস্কৃতিক সংগঠন, স্বেচ্ছাসেৱী সংগঠন, এনজি’ ক্লাব আদিয়ে ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল কৰা, মৰা ভৰলুৰ দূষিত পানী পামহী কেনেলেৰে দীপৰ বিলত পেলোৱা কার্য বন্ধ কৰাৰ দাবীত একেলগে এখন পত্রত স্বাক্ষৰ কৰিছিল৷ সেই ৰাজহুৱা সংগঠনৰ স্বাক্ষৰযুক্ত পত্রখন মঞ্চৰ কার্যকৰী সভাপতি সুশীল টেৰণ, সম্পাদক তৰুণ তালুকদাৰ আৰু সহকাৰী সাংগঠনিক সম্পাদক দীপক টেৰাঙে ১০ ছেপ্ঢেম্বৰত মুখ্যমন্ত্রীক প্রদান কৰে৷ মুখ্যমন্ত্রীৰ অনুপস্থিতিত তেওঁৰ বিশেষ কর্তব্যৰত বিষয়াই পত্রখন গ্রহণ কৰে৷

তেনেদৰে পত্রখনৰ প্রতিলিপি সিদিনাই অসম চৰকাৰৰ মুখ্য সচিব, গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী,বন আৰু পৰিৱেশ বিভাগৰ মন্ত্রী, পশ্চিম গুৱাহাটীৰ বিধায়ক, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত, জিএমচিৰ আয়ুক্ত, জি এম ডি এৰ মুখ্য কার্যবাহী বিষয়াকো প্রদান কৰা হয়৷ আনহাতে, মুখ্যমন্ত্রীক প্রদান কৰা পত্রখনত ডাম্পিং গ্রাউণ্ডটোৱে কৰিব পৰা ক্ষয়–ক্ষতি আৰু এইক্ষেত্রত এনজিটিয়ে দীপৰ বিলৰ পৰিৱেশ সংৰক্ষণৰ বাবে দিয়া নির্দেশনাৰ বিষয়ে উল্লেখ কৰি তেওঁৰ হস্তক্ষেপ কামনা কৰা হৈছে৷ আনহাতে, উৎপল কুমাৰ দাস, বলেশ্বৰ ৰংপীকে ধৰি মঞ্চৰ কেইবাজনো কর্মকর্তাই সদৰী কৰা অনুসৰি ডাম্পিং গ্রাউণ্ডত পেলোৱা আৱর্জনাৰ পৰা নির্গত হোৱা দুর্গন্ধই ইতিমধ্যে বৃহত্তৰ অঞ্চলটোৰ আকাশ–বতাহ ছানি ধৰিছে৷ বিশেষকৈ বিয়লিৰ পিছত বতাহ বলিলে দেউচতাল, পামহী, মইনাখোৰোং আদি অঞ্চলৰ লোক নাকত ৰুমাল লৈ চলা–ফিৰা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷

You might also like