নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ নির্ভয়া কাণ্ড

দক্ষিণ দিল্লীৰ মুনির্কা অঞ্চলত ২০১২ চনৰ ১৬ ডিচেম্বৰত সংঘটিত হৈছিল সমগ্র দেশ জোকাৰি যোৱা নির্ভয়া কাণ্ড৷ নিশা চলন্ত বাছত এগৰাকী ২৩ বছৰীয়া পেৰামেডিকেলৰ ছাত্রীক ছজন নৰপিশাচে গণধর্ষণ কৰি ৰাস্তাত পেলাই দিয়া বর্বৰ ঘটনা এতিয়াও নিশ্চয় দেশবাসীৰ মন–মগজুত সজীৱ হৈ আছে৷ এই ঘৃণনীয় কাণ্ডৰ বিৰুদ্ধে সেই সময়ত দেশৰ প্রতিটো প্রান্ততেই প্রতিবাদৰ জোৱাৰ উঠিছিল৷ প্রত্যেকৰে দাবী আছিল– ধর্ষণকাৰীক ফাঁচিকাঠত ওলমাব লাগে৷ ইতিমধ্যে আদালতে নির্ভয়া কাণ্ড গোচৰৰ চূড়ান্ত ৰায়দান কৰিছে৷ আদালতৰ ৰায় অনুসৰি চাৰিজন অভিযুক্ত অক্ষয় ঠাকুৰ, পৱন গুপ্তা, বিনয় শর্মা আৰু মুকেশ সিঙক ২০২০ চনৰ ২০ মার্চৰ পুৱা ৫.২০ বজাত তিহাৰ কাৰাগাৰত ফাঁচি দিয়া হয়৷ অন্যতম অভিযুক্ত ৰাম সিঙে কাৰাগাৰত থকাৰ সময়তে আত্মহত্যা কৰাৰ বিপৰীতে আনজন নাবালক হোৱাৰ পৰিপ্রেক্ষিতত জুভেনাইল হোমত তিনি বছৰ কটোৱাৰ পিছত ২০১৫ চনত মুকলি কৰি দিয়া হৈছিল৷ নির্ভয়া কাণ্ডৰ প্রসংগ পুনৰ অৱতাৰণা কৰাৰ কাৰণ হ’ল– যোৱা শুকুৰবাৰে মুম্বাইত সংঘটিত এটি নাৰকীয় বলাৎকাৰৰ ঘটনা৷ যাক ৰাষ্ট্রীয় সংবাদ মাধ্যমে আন এক নির্ভয়া কাণ্ড বুলি অভিহিত কৰিছে৷ মুম্বাইৰ ছুবুৰবান ছাকিনাকা খৈৰানী ৰোডত সংঘটিত হৈছিল এই ঘটনাটো৷ নিশা এখন টেম্পোত উদ্ধাৰ হয় এগৰাকী ৩৪ বছৰীয়া মহিলাৰ ৰক্তাক্ত দেহ৷ অপৰাধীয়ে মহিলাগৰাকীক উপর্যুপৰি ধর্ষণ কৰাতেই ক্ষান্ত নাথাকি গুপ্তাংগত লোৰ ৰডেৰে আঘাত কৰাৰ দৰে নৃশংস দুষ্কার্যও সংঘটিত কৰে৷ বিশেষ সূত্রে লাভ কৰা খবৰৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে মহিলাগৰাকীৰ ৰক্তাক্ত দেহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি চিকিৎসাধীন কৰে যদিও মৃত্যুৰ সৈতে যুঁজি এইগৰাকী নির্ভয়াই শনিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে৷ এই ঘটনাক কেন্দ্র কৰি ইতিমধ্যে মুম্বাইত প্রতিবাদৰ জোৱাৰ উঠিছে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা মূল অভিযুক্ত মোহন চৌহানক উপযুক্ত শাস্তি দিয়াৰ দাবীত সৰৱ হৈ পৰিছে সকলো৷ ২০১২ চনৰ নির্ভয়া কাণ্ডৰ পিছত দেশজুৰি যি জনমতৰ সৃষ্টি হৈছিল, তাৰ পিছত ভবা হৈছিল যে অন্ততঃ ধর্ষণ আদিৰ দৰে নাৰীজনিত অপৰাধ হ্রাস পাব৷ কিন্তু বাস্তৱ ক্ষেত্রত ইয়াৰ ওলোটা ছবিখনহে দেখা গৈছে৷ মাতৃ পূজা কৰা ভাৰতবর্ষৰ সর্বত্র এতিয়াও অব্যাহত আছে এনেধৰণৰ জঘন্য কার্য–কলাপ৷ যিয়ে সভ্য সমাজখনক কলুষিত কৰাই নহয়, একাংশ লোকৰ মানসিকতাত যে পৈশাচিক মনোভাব লুকাই আছে সেয়া পূৰামাত্রাই উন্মোচিত হৈছে৷
শেহতীয়াকৈ যোৱা ৬ ছেপ্টেম্বৰত ৰাষ্ট্রীয় মহিলা আয়োগে এক বিশেষ প্রতিবেদন প্রকাশ কৰিছে৷ এই প্রতিবেদনৰ তথ্য অনুসৰি বিগত বছৰৰ তুলনাত চলিত বর্ষত নাৰীজনিত অপৰাধৰ বিৰুদ্ধে দাখিল হোৱা অভিযোগ বৃদ্ধি হৈছে ৪৬ শতাংশ৷ যিটো নিশ্চিতভাৱে অতি উদ্বেগজনক৷ তথ্য অনুসৰি চলিত বর্ষৰ প্রথম ৮ মাহ অর্থাৎ জানুৱাৰীৰ পৰা আগষ্টৰ ভিতৰত নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধ সন্দর্ভত সমগ্র দেশতে মুঠ ১৯,৯৫৩টা অভিযোগ দাখিল কৰা হৈছে৷ যিটো বিগত বছৰৰ প্রথম ৮ মাহত আছিল ১৩,৬১৮টা৷ লক্ষণীয়ভাৱে উত্তৰ প্রদেশত নাৰীজনিত অপৰাধ সম্পর্কীয় সর্বাধিক ১০,০৮৪টা অভিযোগ লাভ কৰিছে ৰাষ্ট্রীয় মহিলা আয়োগে৷ সেইদৰে দিল্লী, হাৰিয়ানা, মহাৰাষ্ট্র আদিৰ দৰে ৰাজ্যৰ পৰাও বৃহৎসংখ্যক অভিযোগ দাখিল কৰা হৈছে৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে এই অভিযোগসমূহৰ ভিতৰত ধর্ষণ আৰু ধর্ষণৰ চেষ্টাৰ অভিযোগৰ সংখ্যা হৈছে ৫৮৫টা৷ সেইদৰে মহিলাৰ শ্লীলতা হানি সন্দর্ভত এহাজাৰতকৈও অধিক অভিযোগ দাখিল কৰা হৈছে৷ ইয়াৰ পৰাই স্পষ্ট হয় এচাম মানুহৰ মনৰ মাজত লুকাই থকা কুপ্রবৃত্তি৷ ৰাষ্ট্রীয় মহিলা আয়োগে আনুষ্ঠানিকভাৱে এনেধৰণৰ তথ্য সদৰী কৰাৰ পিছত বর্তমানৰ প্রচলিত আইন ব্যৱস্থাক আৰু অধিক কঠোৰ ৰূপত প্রণয়নৰ প্রসংগ অৱতাৰণা হৈছে৷ সমান্তৰালভাৱে এনে অপৰাধত লিপ্তসকলক কৰায়ত্ত কৰি ফাষ্ট ট্রেক বিচাৰ ব্যৱস্থাৰ সপক্ষেও বহুতে মত প্রকাশ কৰিছে৷ তদুপৰি সমাজৰ পৰা অপৰাধ আৰু অপৰাধমূলক মানসিকতা নির্মূল কৰাৰ উদ্দেশ্যে জনসজাগতা গঢ়ি তোলাৰ যে এতিয়াও আৱশ্যকতা আছে, সেই কথাও ৰাষ্ট্রীয় মহিলা আয়োগৰ তথ্যই প্রতীয়মান কৰিছে৷ সেয়েহে এই বিষয়কেইটাক চৰকাৰ তথা সংশ্লিষ্ট কর্তৃপক্ষই গুৰুত্বসহকাৰে গ্রহণ কৰাটোৰ প্রয়োজনীয়তা নুই কৰিব নোৱাৰি৷

You might also like