নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচাঙৰ আঘাতপ্রাপ্ত বন্যহস্তীক ৰাজ্যিক চিৰিয়াখানাত চিকিৎসা

নিয়মীয়া বাৰ্তা ১৫ জুনঃ গুৱাহাটীৰ জি এছ ৰোডত যোৱা বছৰ মুক্ত বিচৰণ কৰা ন্যহস্তীটো আঘাতপ্রাপ্ত৷ গুৱাহাটীৰ সাতগাঁও থানাৰ অন্তর্গত অমচিং যোৰাবাটৰ আশ্রম বস্তিত সংঘটিত হাতীৰ দলবদ্ধ আক্রমণত আহত হয় হাতীটো৷ নৰীয়া হাতীৰ দাঁতৰ আক্রমণত হাতীটোৰ সোঁভৰিত আঘাতপ্রাপ্ত হয়৷ ফলত সোঁভৰিত প্রকাণ্ড গাঁতৰ চিহ্ণ দেখা পোৱা গৈছে৷ উল্লেখ্য যে আমচাং অভয়াৰণ্যৰ প্রায় ১২ বছৰীয়া হাতী এটা অলপতে গুৱাহাটীৰ জি এছ ৰোডৰ মুক্ত বিচৰণ কৰিছিল৷ ন্যহস্তীটোক ন বিভাগে কৰায়ত্ত কৰি পুনৰ আমচাং অভয়াৰণ্যত মুকলি কৰি দিছিল৷

তেতিয়াৰে পৰা এই বন্য হস্তীটোৱে আমচাং অভয়াৰণ্যৰ পৰা সাতগাঁও অঞ্চলত মুক্ত বিচৰণ কৰি আছিল৷ তিনি দিন পূর্বে আমচাং অভয়াৰণ্যৰ পৰা নামি অহা প্রায় ৩০জনীয়া বন্যহাতীৰ জাকৰ লগত এই হাটীটোৱে চামিল হ’ব বিচাৰে৷ কিন্তু বন্যহস্তীৰ জাকটোৱে ওলোটাকৈ অকলশৰীয়া হাটীটোক আক্রমণ কৰা বুলি বন কর্মীয়ে জানিবলৈ দিয়ে৷ সেইদিনা নিশাই হাতীটো আঘাতপ্রাপ্ত হোৱা লি আমচাং অভয়াৰণ্যৰ ন্যপ্রাণী সংৰক্ষণ শিবিৰৰ বনকর্মীয়ে অৱগত কৰায়৷ ইয়াৰ পিছৰে পৰা অর্থাৎ কালি নিশাৰে পৰা বনকর্মীয়ে হাতীটোৰ তদাৰক কৰি আছিল৷ হাতীটোৱে চলন–ফুৰণ কৰিব নোৱৰাত নকর্মীয়ে ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষৰ লগত যোগাযোগ কৰে৷ ইয়াৰ পিছতে চিৰিয়াখানাৰ পৰা অহা এটা চিকিৎসকৰ দলে আঘাতপ্রাপ্ত হাতীটোক চিকিৎসা সেৱা আগ্বঢ়াই আছে৷ উল্লেখ্য যে হাতীটোৰ শাৰীৰিক অৱস্থা সংকটমুক্ত নহয়৷

You might also like