নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ছাহিল দে’লৈ আন্তঃৰাষ্ট্রীয় মাষ্টাৰৰ স্বীকৃতি

নিয়মীয়া বাৰ্তা ১৫ জুনঃ অসমৰ উদীয়মান দবা খেলুৱৈ ছাহিল দে’ই আন্তঃৰাষ্ট্রীয় মাষ্টাৰৰ স্বীকৃতি অর্জন কৰিছে৷ বুডাপেষ্টত সোমবাৰে  সামৰণি পৰা গ্রেণ্ড মাষ্টাৰ প্রতিযোগিতাত ১৩ বছৰীয়া ছাহিলে তৃতীয়টো আন্তঃৰাষ্ট্রীয় মাষ্টাৰৰ অর্হতা অর্জন কৰিবলৈ সক্ষম হয়৷ আঠটা ৰাউণ্ডৰ পৰা তেওঁ পাঁচ পইণ্ট লাভ কৰে৷

সোমবাৰে তেওঁ শ্ল’ভাকিয়াৰ গ্রেণ্ড মাষ্টাৰ পাচিৰ মিলানৰ বিৰুদ্ধে অন্তিম ৰাউণ্ডৰ মেচ খেলে আৰু প্রয়োজনীয় ৰেটিং সম্পূর্ণ কৰে৷ ইয়াৰ পূর্বে ছাহিল দে’ই ছার্বিয়াত চলিত বর্ষৰ ফেব্রুৱাৰীত অনুষ্ঠিত গ্রেণ্ড মাষ্টাৰ ৰাউণ্ড ৰবীন প্রতিযোগিতাত ৫.৫ পইণ্ট স্ক’ৰ কৰি প্রথমটো আন্তঃৰাষ্ট্রীয় মাষ্টাৰৰ অর্হতা অর্জন কৰিছিল৷

উল্লেখ্য যে ২০১১ চনত প্রতিভাৱান দবা খেলুৱৈয়ে মাত্র ৫ বছৰ বয়সত গুৱাহাটীৰ শিল্পগ্রামস্থিত পি চি বৰুৱা শিশু দবা প্রতিযোগিতাত প্রথমবাৰৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ এই সাফল্যৰ বাবে তেওঁক সদৌ অসম দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰ, গুৱাহাটী দবা সন্থাৰ সম্পাদক প্রণৱ কুমাৰ নাথ, সভাপতি কৃষ্ণাঞ্জন চন্দ্র আদিয়ে অভিনন্দন জনাইছে৷

You might also like