নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ এপ্রিলত বন্ধ থাকিব অসম জাতীয় বিদ্যালয়

নিয়মীয়া বাৰ্তা, ১৮এপ্ৰিলঃ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীতো ক’ভিড সংক্রমণ দ্রুত হাৰত বৃদ্ধি হোৱাৰ প্রতি লক্ষ্য ৰাখি অসম জাতীয় বিদ্যালয়ে শৈক্ষিক কার্যসূচী সন্দর্ভত কেতবোৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷

মহানগৰীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে এক জাননীযোগে প্রকাশ কৰা অনুসৰি অহা ১৯ এপ্রিলত সকলো শিক্ষার্থীৰ বাবে বিদ্যালয় বন্ধ থাকিব৷ আনহাতে, ২০ এপ্রিলৰ পৰা পৰৱর্তী জাননী নিদিয়া পর্যন্ত অংকুৰ শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈ সকলো শিক্ষার্থীৰ বাবে বিদ্যালয় বন্ধ থাকিব৷ এই বন্ধ দীঘলীয়া হ’লে উক্ত শ্রেণীবোৰৰ শ্রেণীসমূহ অনলাইনযোগে অনুষ্ঠিত হ’ব৷ এই বিষয়ে পৰৱর্তী সময়ত শিক্ষার্থীসকলক বিদ্যালয়ৰ তৰফৰ পৰা জনোৱা হ’ব৷

অৱশ্যে ২০ এপ্রিলৰ পৰা ষষ্ঠ শ্রেণীৰ পৰা দশম শ্রেণীলৈ ৫০ শতাংশ শিক্ষার্থীৰ উপস্থিতিত শ্রেণীসমূহ অনুষ্ঠিত হ’ব যদিও এইক্ষেত্রত প্রতিটো শ্রেণীৰ প্রতিটো শাখা দুটা গোটত ভাগ কৰা হ’ব৷ সেই অনুসৰি ‘ক’ গোটত ৰোল নং ১ৰ পৰা ২০ লৈ আৰু ‘খ’ গোটত ২১ৰ পৰা শেষৰজন শিক্ষার্থী থাকিব৷ ‘ক’ গোটৰ শ্রেণীবোৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে অনুষ্ঠিত হ’ব৷

আনহাতে ‘খ’ গোটৰ শ্রেণীবোৰ মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে অনুষ্ঠিত হ’ব৷ শনিবাৰৰ শ্রেণীবোৰ সোমবাৰৰ ৰুটিন অনুযায়ী অনুষ্ঠিত হ’ব৷ জাননীখনত উল্লেখ কৰা মতে ২৪ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া প্রীতি ফুটবল আৰু ২৬ এপ্রিলৰ পৰা ২৮ এপ্রিললৈ অনুষ্ঠিত হ’বলগীয়া বিদ্যালয়ৰ বার্ষিক প্রতিযোগিতাৰ কার্যসূচী বাতিল কৰা হৈছে৷ ২৬ এপ্রিলৰ পৰা ২৯ এপ্রিললৈ হ’বলগীয়া অংকুৰ শ্রেণীৰ শিশুৰ গৃহ পৰিদর্শনৰ কার্যসূচীও বাতিল কৰা হৈছে৷

আনহাতে, শিক্ষার্থীৰ বাবে বিদ্যালয় কেণ্টিন বন্ধ থাকিব আৰু শিক্ষার্থীসকলে টিফিন ঘৰৰ পৰা আনিব লাগিব৷ ছাত্র–ছাত্রীকে ধৰি সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ সকলো শিক্ষার্থীয়ে নিজৰ বাবে ছেনিটাইজাৰৰ সৰু বটল একোটা লগত লৈ আহিব লাগিব৷

You might also like