নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাংকান নগৰ–শান্তি নগৰত গছ কাটি তহিলং

নিয়মীয়া বাৰ্তা, ২১ ফেব্রুৱাৰীঃ বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ বন বিভাগত এতিয়া চলিছে অবাধ লুণ্ঠনৰাজ৷ বিভাগটোৰ একাংশ বনদস্যুৰূপী বিষয়াৰ ছত্রছায়াত অবাধ হাৰত চলিছে বনজ সম্পদৰ চোৰাং বেহা৷

ৰাজ্যৰ অন্যান্য প্রান্তততো দূৰৰে কথা, বন বিভাগৰ পাঞ্জাবাৰীস্থিত মুখ্য কার্যালয় ‘অৰণ্য ভৱন’ৰ পৰা কেইশ মিটাৰমান দূৰতে অবাধ হাৰত বনদস্যুৱে গছ কাটি তহিলং কৰিছে৷ বন বিভাগৰ ছত্রছায়াত পাঞ্জাবাৰীৰ কাংকান নগৰ আৰু শান্তি নগৰত দীর্ঘদিন ধৰি মূল্যৱান চেগুন গছ কাটি একাংশ বন মাফিয়াই চোৰাং বেহা চলাই আহিছে৷

কাংকান নগৰৰ কাষতে পাঞ্জাবাৰী খণ্ড বন বিষয়াৰ কার্যালয় আছে৷ দিনে–নিশাই কাংকান নগৰত অবাধ হাৰত মূল্যৱান চেগুন গছ কাটি বিক্রী কৰি অহাৰ পাছতো বন বিভাগে বিষয়টো গুৰুত্বসহকাৰে লোৱা নাই৷

পূব কামৰূপ বন সংমণ্ডল প্রাধিকাৰীৰ অধীনস্থ পাঞ্জাবাৰী খণ্ড বন বিষয়াৰ কার্যালয়ৰ কাষতে দিনে–নিশাই চেগুন গছ কাটি তহিলং কৰাৰ পাছতো বন বিভাগে বিষয়টোক লৈ কোনো গুৰুত্ব প্রদান কৰা নাই৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র আৰু খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ গাতে লাগি থকা বনাঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি বেদখল কৰি মূল্যৱান চেগুন কাটি জনাঞ্চললৈ পৰিৱর্তন কৰাৰ পাছতো বন বিভাগে বিষয়টোত গুৰুত্ব প্রদান নকৰাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

ৰাজনৈতিক আশিসধন্য একাংশ বনদস্যুৱে পাঞ্জাবাৰীৰ কাংকান নগৰ আৰু শান্তি নগৰৰ চেগুন কাটি চোৰাংকৈ বিক্রী কৰি আহিছে৷ কাংকান নগৰত অবাধ হাৰত চলি থকা বন ধ্বংসযজ্ঞ বন্ধ কৰাৰ বাবে বনমন্ত্রী পৰিমল শুক্লবৈদ্যই কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

উল্লেখ্য যে ২০১৯ চনত উচ্চতম ন্যায়ালয়ে অসমকে ধৰি ২১খন ৰাজ্যৰ বনাঞ্চলত বেদখল উচ্ছেদ কৰিবলৈ ৰাজ্যসমূহৰ মুখ্য সচিবক নির্দেশ দিছিল৷ কিন্তু ৰাজ্যৰ ১০,১২৮ হেক্টৰ বনভূমি বেদখলমুক্ত কৰিবলৈ বন বিভাগে কোনো পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷

You might also like