নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ কোভিড-১৯ৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ক’ৰোনা মহামাৰীৰ সময়ত শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ ফালৰ পৰা মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখি চলা সম্পৰ্কে জনসচেতনতাৰ অৰ্থে ‘নিজেও বাচক, আনকো বচাওক’ শীৰ্ষক এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ এই কাৰ্যসূচীত মুকাভিনয় শিল্পী তথা বিভাগৰ প্ৰাক্তন ছাত্ৰ মিনাংক ডেকাই মুকাভিনয়ৰ জৰিয়তে লোকসকলক বুজায় ৷ 

গুৱাহাটী মহানগৰীৰ অধিক জনসমাগম হোৱা উজান বজাৰ, শিলপুখুৰী, লাখটকীয়া, ফাঁচীবজাৰ, লাচিত নগৰ, এটি ৰ’ড, পল্টন বজাৰ, গণেশগুৰি, জু-তিনিআলি, চানমাৰিত এই সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ উক্ত স্থানসমূহত দিন-হাজিৰা কৰা, পাচলি বেপাৰী, মগনীয়া, দৰিদ্ৰ তথা অভাৱগ্ৰস্ত পাঁচশৰো অধিক লোকৰ মাজত মাস্ক বিতৰণ কৰা হয়।

পুৱা ১০ বজাৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সম্পাদক জিতমনি গগৈ, কাৰ্যকৰী সদস্য ক্ৰমে আদনান আশ্ৰফ, প্ৰাণজিৎ নেওগ, দিপাংকৰ মেধি, শতাব্দী শইকীয়া আৰু কেবাগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী। কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে এই কৰ্যসূচীৰ জৰিয়তে গুৱাহাটীবাসীৰ লগতে সমগ্ৰ অসমবাসী ৰাইজক সজাগ হৈ থকাৰ বাবে আহ্বান জনায়৷ কাৰ্যসূচীৰ বাবে মাস্ক ক্ৰয় কৰিবলৈ বিভাগটোৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে ১০০-২০০ টকাকৈ বৰঙণি আগবঢ়ায়।

উল্লেখ্য যে, মহানগৰীৰ বিভিন্ন প্ৰান্তত চলা এই কার্যসূচীক সাধাৰণ জনতাই প্ৰশংসা কৰাৰ লগতে অনাগত দিনত এই মহামাৰীৰ বিৰুদ্ধে আৰু অধিক সতৰ্ক হ’বলৈ প্ৰতিজ্ঞাবদ্ধ হয়।

You might also like